March 17, 2025 7:31 PM | CM

printer

মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কার্যপ্রণালী মূল্যায়ন কৰিবলৈ মুখ্যমন্ত্রীৰ পর্যালোচনা বৈঠক

ৰাজ্যখনৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কার্যপ্রণালী মূল্যায়ন কৰিবলৈ আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন পর্যালোচনা বৈঠকত অংশ লয়। এই বৈঠকত সক্ৰিয় আৰু উৎসাহী কর্মশক্তি নিশ্চিত কৰাৰ বাবে শিক্ষকসকলৰ নিযুক্তি আৰু পাৰিশ্ৰম সম্পৰ্কত আলোচনা কৰা হয়। এই বৈঠকত শৈক্ষিক আন্তঃগাঁথনি, অনুকূল শিক্ষা পৰিবেশ সৃষ্টি, চাহ বাগিছা অঞ্চলত মানসম্পন্ন শিক্ষা প্ৰদানৰ লক্ষ্যৰে আদৰ্শ বিদ্যালয় স্থাপনকে ধৰি কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। দূৰণিবটীয়া এলেকাতসমূহত শিক্ষাৰ্থীৰ শিক্ষণ অভিজ্ঞতা বৃদ্ধিৰ বাবে বিদ্যালয়ৰ উন্নীতকৰণ আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড° বাণীকান্ত কাকতি মেধা বঁটা প্রদান তথা মুখ্যমন্ত্রী নিযুত মইনা আঁচনিৰ কাৰ্যকৰীকৰণ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।