February 21, 2025 7:23 PM | CM mahakbumbha

printer

প্ৰয়াগৰাজৰ ত্রিবেণী সংগমত পৰিয়ালসহ মুখ্যমন্ত্রীৰ পবিত্ৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ উপলক্ষে আজি ত্রিবেণী সংগমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালৰ সৈতে পবিত্ৰ স্নান কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড° শৰ্মাই কয় যে ত্রিবেণী সংগম কেৱল নদীৰ সংগম নহয়, ই হৈছে কোটি কোটি সনাতনীৰ বিশ্বাস, আধ্যাত্মিকতা আৰু ঐতিহ্যৰ এটা সমন্বয়। এই পবিত্র স্থানত তেওঁ ৰাজ্যবাসীৰ সুখ, সমৃদ্ধি আৰু শান্তি কামনা কৰি প্ৰাৰ্থনা জনাবলৈ পাই ধন্য হৈছে বুলি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, প্রয়াগৰাজৰ মহাকুম্ভত বৰ্তমানলৈকে ৫৮ কোটিৰো অধিক লোকে পবিত্র স্নান কৰিছে। ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা কুম্ভমেলাৰ ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।