January 27, 2025 7:04 PM | CM assam

printer

ডিব্ৰুগড়ত বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় ভৱন মুকলি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় জিলাত বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় নামৰ এটা নতুন ভৱন মুকলি কৰে। এই ভৱন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে মহান চিন্তাবিদ আৰু দার্শনিক স্বামী বিবেকানন্দলৈ গভীৰ প্ৰণিপাত জনায়। অনুষ্ঠানত দিয়া ভাষণত ড° শৰ্মাই কয়, যে চাহ জনগোষ্ঠী আৰু জনজাতীয় সমাজৰ সেৱাৰ বাবে উৎসর্গিত এই আনন্দালয় ভৱনে দক্ষতা উন্নয়ন প্রশিক্ষণ কেন্দ্ৰ হিচাপে জনজাতীয় সমাজখনক আগবঢ়াই লৈ যাব। এনেধৰণৰ আনন্দালয় ভৱনসমূহে ইতিমধ্যে ৰাজ্যৰ চাহ বাগিচাৰ উঠি অহা প্ৰজন্মৰ লগতে জনজাতীয় সমাজখনলৈ শিক্ষামূলক সেৱা আগবঢ়াই আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত বৰ্তমান ২২০ টা এনে কেন্দ্র আছে।