ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে ক্লডিয়া শ্বেইনবমৰ শপতগ্ৰহণ

ক্লডিয়া শ্বেইনবমে কালি মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰে। দেশখনৰ পূৰ্বৰ জনপ্ৰিয় ৰাষ্ট্ৰপতি এন্ড্রেজ মেনুৱেল ল’পেজ অব্ৰেডৰৰ স্থলাভিষিক্ত হৈ তেওঁ এই দায়িত্ব গ্ৰহণ কৰে। বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজনৈতিক ক্ষেত্ৰলৈ অহা ৬২ বছৰীয়া শ্বেইনবমে ২০৩০ চন পর্যন্ত পৰৱৰ্তী ৬ বছৰৰ বাবে এই পদত কাৰ্যনিৰ্বাহ কৰিব। নেত্ৰীগৰাকীৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তেওঁৰ বৃহৎ সংখ্যক সমর্থক কালি নিচেই পুৱাৰে পৰা শপতগ্রহণস্থলীত উপস্থিত হোৱা পৰিলক্ষিত হয়।