December 8, 2025 12:26 PM | city police

printer

গুৱাহাটী আজি হ’বলগীয়া পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীৰ কেতবোৰ নীতি নির্দেশনা জাৰি

গুৱাহাটীৰ খানাপাৰাত আজি হ’বলগীয়া প্রখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নির্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত যান-বাহন ৰখোৱাত বাধা আৰোপ কৰাৰ লগতে বেলতলা, ছয়মাইল আৰু খানাপাৰাৰ আশে-পাশে যান-বাহন ৰখোৱাৰ বাবে আৰক্ষীয়ে সু-নির্দিষ্ট ব্যবস্থা গ্রহণ কৰিছে বুলি মহানগৰ আৰক্ষীয়ে সংবাদমেলত উল্লেখ কৰে।

জনসাধাৰণৰ সুৰক্ষা আৰু মহানগৰীখনৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত অসুবিধা হ্রাস কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে।