মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে জনসাধাৰণৰ পৰা পৰামৰ্শ গ্ৰহণৰ অৰ্থে এখন কাৰিকৰী সমিতি গঠন কৰিছে। কামৰূপ মহানগৰ জিলা দুর্যোগ ব্যৱস্থাপনা সমিতিয়ে এখন জাননীৰ জৰিয়তে জনাইছে যে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ সন্দৰ্ভত জনসাধাৰণে কিবা পৰামর্শ দিব বিচাৰিলে suggestionfloodmitigation@gmail.com ই- মেইলযোগে অহা ২৪ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব। ইপিনে গুৱাহাটীত কালি নিশা হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল কৃত্রিম বানত বুব যোৱাৰ লগতে অধিকাংশ স্থানত তীব্র যান-জঁটৰ সৃষ্টি হয়। কৃত্রিম বানৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি প্রতিক্রিয়া ব্যক্ত কৰি কয় যে, গুৱাহাটীৰ বানৰ বাবে চুবুৰীয়া ৰাজ্য মেঘালয়ত হৈ থকা অবাধ পাহাৰ খননেই প্ৰধানকৈ দায়ী। চুবুৰীয়া ৰাজ্যখনে যিমানেই পাহাৰ কাটিব সিমানেই মহানগৰীত কৃত্রিম বানৰ সমস্যা বৃদ্ধি পাব বুলি তেওঁ প্ৰকাশ কৰে।
Site Admin | August 10, 2024 1:10 PM | city flood
মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী সমিতি গঠন
