ৰাজ্যৰ নগৰাঞ্চলৰ সুপৰিকল্পিত-দ্ৰুত বিকাশৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰাঞ্চলৰ সুপৰিকল্পিত আৰু দ্ৰুত বিকাশৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে ১০ চহৰ এক ৰূপায়ণ শীৰ্ষক এটা প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে । অসমৰ ১০ খন আগশাৰীৰ চহৰৰ উপযুক্ত নগৰ পৰিকল্পনা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, নিয়মীয়া পানীযোগান, ৰাজহুৱা আন্তঃগাঁথনি, যান-বাহন ব্যৱস্থাপনা, ষ্ট্ৰীটলাইট আৰু ডিজিটেল তথা অনলাইন সেৱাৰ কাম-কাজ সুচাৰুৰূপে ৰূপায়ণ কৰাই হৈছে এই প্ৰকল্পৰ মূল লক্ষ্য। এই প্ৰকল্পৰ বাবে নিৰ্বাচিত হোৱা চহৰসমূহৰ ভিতৰত ডিব্ৰুগড় চহৰো অন্তৰ্ভুক্ত হৈছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি এই সংক্ৰান্তীয় এখন সভা অনুষ্ঠিত হয়। প্ৰকল্পটোৰ অধীনত ডিব্ৰুগড় পৌৰনিগমৰ অধীনস্থ এলেকাৰ বাবে নিৰ্ধাৰণ কৰা পৰিকল্পনা চূড়ান্ত কৰাৰ উদ্দেশ্যে সভাত আলোচনা কৰা হয়। সভাত পৌৰ নিগমৰ আয়ুক্ত, কাৰ্যবাহী বিষয়া, অতিৰিক্ত জিলা আয়ুক্তকে ধৰি সংশ্লিষ্ট অন্যান্য বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।