ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষা পৰিষদ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষা পৰিষদ, চি আই এছ চি ইয়ে আজি দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফলসমূহ ঘোষণা কৰিছে। চি আই এছ চি ইৰ তথ্য অনুসৰি আই চি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৯.৪৭ শতাংশ হোৱাৰ বিপৰীতে আই এছ চিৰ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৮.১৯ শতাংশ। উল্লেখযোগ্য যে পৰিষদৰ দশম আৰু দ্বাদশ উভয় পৰীক্ষাৰ ফলাফলতে ছাত্রীসকলে শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে। আই চি এছ ইৰ এইবাৰৰ ফলাফলত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৯.৬৫ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৯.১ শতাংশ একেদৰে আই এছ চিত ছোৱালীয়ে ৯৮.৯২ শতাংশ উত্তীৰ্ণ হোৱাৰ বিপৰীতে ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৫৩ শতাংশ। এটা বিবৃতিযোগে চি আই এছ চি ইয়ে জনাইছে যে আই চি এছ ইত ২ লাখ ৪৩ হাজাৰতকৈ অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে আই এছ চিত ৯৯ হাজাৰতকৈ অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।