ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চলো জিতে হে চলচ্চিত্ৰখন আজি সমগ্ৰ দেশৰ প্ৰায় এক লাখ বিদ্যালয় আৰু প্ৰায় ৫০০ টা চলচ্চিত্ৰ গৃহত প্ৰদৰ্শন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে চলচ্চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ ল’ৰালিৰ এটা ঘটনাৰ অনুপ্ৰেৰণাৰে চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল। চলচ্চিত্ৰখনত নাৰু নামৰ এজন ডেকাৰ কাহিনী কোৱা হৈছে যিয়ে স্বামী বিবেকানন্দৰ দৰ্শনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ নিজৰ সৰু পৃথিৱীখন বেলেগ ধৰেণ সজাবলৈ বিচাৰিছিল। চলচ্চিত্ৰখনৰ পৰিচালক মংগেশ হাৰাৱালে আৰু প্ৰযোজক আনন্দ এল ৰায় আৰু মহাবীৰ জৈন। এই চলচ্চিত্ৰখনে ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অকাহিনী শিতানত পুৰস্কাৰ লাভ কৰিছিল। নতুন দিল্লীত অনুষ্ঠিত চলচ্চিত্ৰখনৰ প্ৰদৰ্শনী অনুষ্ঠানত ভাগ লৈ আমাৰ আকাশবাণীৰ সংবাদদাতাই কয়, যে এই চলচ্চিত্ৰখনে তেওঁক প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ দৰে দেশৰ কল্যাণ আৰু দুখীয়া জনসাধাৰণৰ বাবে কাম কৰি যাবলৈ প্ৰেৰণা দিব।
Site Admin | September 18, 2025 9:55 PM | cinema chalo jite he
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ ‘চলো জিতে হে’ আজি দেশৰ প্ৰায় এক লাখ বিদ্যালয় আৰু প্ৰায় ৫০০ টা চলচ্চিত্ৰ গৃহত প্ৰদৰ্শন