ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 8, 2025 7:44 PM | Choraidew

printer

চৰাইদেউত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কৃষক মেলা আয়োজন

চৰাইদেউ কৃষি বিভাগৰ অন্তৰ্গত কৃষি ব্যৱস্থাপনা প্রযুক্তি সংস্থাৰ উদ্যোগত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কৃষক মেলা আয়োজন কৰা হৈছে। জিলাখনৰ জঁজলি পাঁচআলিৰ দিচাংপানী গাঁও পঞ্চায়ত ৰাজহুৱা খেলপথাৰত আয়োজিত এই কৃষক মেলাখন জিলা আয়ুক্ত ডাঃ নেহা যাদবে মুকলি কৰে। থলুৱা কৃষকসকলক এখন বজাৰ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা এই মেলাত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আত্মসহায়ক গোট, কৃষক আৰু গ্ৰাম্য সংগঠনৰ দ্বাৰা মুঠ ২০খন বিপণীত থলুৱা উৎপাদিত সামগ্রী বিক্রী আৰু প্রদর্শন কৰা হৈছে। উদ্যোক্তাসকলে কৃষক পঞ্জীয়ন, প্রশিক্ষণৰ লগতে কৃষি প্ৰযুক্তিৰ প্ৰদৰ্শন আৰু প্ৰগতিশীল কৃষকৰ লগতে কৃষি বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰিছে।