চিৰাং জিলাৰ চিদলী-চিৰাং বিধানসভা সমষ্টিৰ ২৪ হাজাৰ ৬৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হয়। জিলাখনৰ সুভাইঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অভিযানত বিটিচিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰী আৰু মন্ত্রী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। শ্রীমহিলাৰীয়ে মহিলাসকলক প্ৰাৰম্ভিক পুঁজিৰ ধনৰাশি উচিত কামত ব্যৱহাৰ কৰি স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়, যে চৰকাৰৰ এই পদক্ষেপে মহিলাসকলক ক্ষুদ্র উদ্যোগ আৰম্ভ কৰা, ক্ষুদ্ৰ ব্যৱসায় বিস্তাৰ কৰা আৰু পৰিয়ালৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব। মহিলাসকলৰ উদ্যমী মনোভাব তথা অর্থনৈতিক সবলীকৰণে সমাজখনক অধিক শক্তিশালী কৰি তুলিব বুলি শ্রীমল্লবৰুৱাই আশা প্রকাশ কৰে। মহিলাসকলৰ আত্মনিৰ্ভৰশীলতাৰ দিশত এই আঁচনি দূৰদৰ্শী পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই আঁচনিয়ে তেওঁলোকৰ সপোন, আৰু সম্ভাৱনাক নতুন গতি দিয়াৰ লগতে সামাজিক মর্যাদা প্রদান কৰিব।
Site Admin | January 22, 2026 8:00 PM | Chirang
চিৰাং জিলাত ২৪,৬৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ