ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 12, 2025 6:46 PM | Chirang

printer

কাজলগাঁৱত আজি জিলা বড়ো সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি জিলা বড়ো সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। বিটিচিৰ মুৰববী প্রমোদ বড়োৱে কাৰ্যালয় গৃহটোৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি ৰাজ্য চৰকাৰৰ ৫০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া বড়ো সাহিত্য সভাৰ এই কার্যালয়ে জনগোষ্ঠীটোৰ সাহিত্য-সংস্কৃতিৰ উন্নয়নত সহায়ক হব বুলি শ্ৰীবড়োয়ে আশা প্রকাশ কৰে। আজি গোসাইগাওঁ, চিৰাং আৰু বিজনীত এই কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। কোকৰাঝাৰ জিলা সাহিত্য সভা আৰু গুৱাহাটীস্থিত কেন্দ্রীয় বড়ো সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মাণৰ বাবেও আঢ়ৈ কোটি টকাৰ আৰ্থিক অনুদান দিয়াৰ বিষয়ে শ্রীবড়োৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।