May 27, 2025 6:51 PM | Chirang

printer

চিৰাংত কাজলগাঁৱত সংহত জিলা কাৰাগাৰ পৰিদৰ্শন ৰূপেশ গোৱালাৰ

চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ আৰক্ষী চাউনিৰ কাষত নিৰ্মাণ কৰি উলিওৱা সংহত জিলা কাৰাগাৰ আজি মন্ত্ৰী ৰূপেশ গোৱালাই পৰিদৰ্শন কৰে। আধুনিক সা-সুবিধাযুক্ত এই জিলা কাৰাগাৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এই কাৰাগাৰখন উত্তৰ পূৱৰ ভিতৰতে উন্নত মানৰ কৰি গঢি়  তোলা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। প্ৰায় ৭৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই কাৰাগাৰখন অহা ২১ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ কথা। চিদলিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়কে ধৰি কেইবাগৰাকী বিষয়া মন্ত্ৰীগৰাকীক এই ভ্ৰমণকালত সংগ দিয়ে।