ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 8, 2025 6:58 PM | Chirang

printer

চিৰাংত কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ অধীনত জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক মেলা অনুষ্ঠিত

চিৰাং জিলাৰ সদৰ কাজল গাঁৱত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ অধীনত জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক মেলা অনুষ্ঠিত হয়। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৃষক মেলাৰ আজি দ্বিতীয় দিনা এলানি কৃষি বিষয়ক প্রশিক্ষণ অনুষ্ঠিত হয়। এই মেলাত কৃষি, মীন, ৰেচম আৰু পশুপালন তথা পশু চিকিৎসা বিভাগৰ সৈতে জড়িত শতাধিক কৃষকে অংশগ্ৰহণ কৰে। ভালেসংখ্যক কৃষক আৰু উদ্যমীয়ে এই মেলাত নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰাৰ লগতে কৃষিজাত সামগ্রীসহ অন্যান্য সামগ্ৰী বিক্ৰী কৰে। মৌ পালন আৰু ইয়াৰ ব্যৱসায় সন্দৰ্ভত আজি অনুষ্ঠিত প্রশিক্ষণত বিজনীৰ মৌ পালক জ্যোতি নাৰ্জাৰী সমল ব্যক্তিৰূপে উপস্থিত থাকে। এই কৃষি মেলা আৰু প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ কেইবাজনো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰগতিশীল কৃষক আৰু উদ্যমীয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।