ৰাজ্যৰ বিভিন্ন ঠাইত আজি বাল্যবিবাহ মুক্ত ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই উপলক্ষে উলিওৱা সমদলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকে অংশগ্রহণ কৰে।
পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেণত জিলা আয়ুক্ত সাৰংগপাণি শৰ্মাই বাল্যবিবাহ প্ৰতিৰোধ কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী, বিষয়া, মহিলা সংগঠন আৰু স্বেচ্ছাসেবী সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ উদ্যোগত সমাজৰ পৰা বাল্যবিবাহ নোহোৱা কৰাৰ লক্ষ্যৰে এশদিনীয়া বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।