কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ শিক্ষা আৰু ছাত্রাৱাস ভাত্তা বৃদ্ধিৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাৱাস ভাত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা জানুৱাৰীত মৰগীয়া বানচ ৫০ শতাংশ স্পৰ্শ কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু প্ৰশিক্ষণ মন্ত্ৰ্যালয়ে ২০১৮ চনৰ নিৰ্দেশনা অনুযায়ী এই সিদ্ধান্ত লৈছে। ২০১৮ চনৰ নিৰ্দেশনা অনুসৰি মৰগীয়া বানচ ৫০ শতাংশ বৃদ্ধি পালে ভাত্তা আৰু ৰাজসাহায্য ২৫ শতাংশ বৃদ্ধি পায়। মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী শিক্ষা ভাত্তা প্রতি মাহে দুহেজাৰ ৮১২ টকা আৰু ছাত্রাৱাস ৰাজসাহায্য প্রতি মাহে ৮ হাজাৰ ৪৩৭ টকা ধাৰ্য কৰা হৈছে। দিব্যাংগ শিশুৰ বাবে শিক্ষা ভাত্তাৰ ধনৰাশি ৫ হাজাৰ ৬২৫ টকা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।