ডাউনলোড
মোবাইল এপ

android apple
signal

February 12, 2025 8:07 PM | chilarai divas

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী পালন

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, দৰং জিলা প্ৰশাসন, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বিজেপি ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰে পৰা ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে। কাৰ্যসূচীৰ অংশহিচাপে বিশিষ্ট কবি বিজু শৰ্মাক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়।
       যোৰহাট জিলাৰ সাহপুৰীয়া গাঁৱৰ নৱৰূপ কলাকৃষ্টি কেন্দ্ৰত বীৰ চিলাৰায় দিৱসৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই চাৰিগাঁও মৌজাৰ ১ নম্বৰ টুকুৰীয়াত এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰে।

চিৰাং জিলাতো আজি শৌর্য আৰু বীৰত্বৰ প্ৰতিভূ কোচ ৰাজ্যৰ সেনাপতি মহাবীৰ চিলাৰায়ৰ জয়ন্তী পালন কৰা হয়। বিজেপিৰ চিৰাং জিলা সমিতিয়ে আজি দলটোৰ জিলা কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে দিৱসৰ আয়োজন কৰে। একেদৰে সদৌ কোচ ৰাজবাংসী ছাত্ৰ সন্থাৰ বিজনী মহকুমা সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণত কেইবাটাও সংগঠনে কেন্দ্ৰীয়ভাৱে এই অনুষ্ঠানৰ আয়োজন কৰে। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযুষ হাজৰিকা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।
বাক্সা জিলাৰ ধেমধেমাত এই দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ মুকলি সভাত বিধায়ক ফণীধৰ তালুকদাৰ আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে অংশগ্ৰহণ কৰে। জিলাখনৰ মনসা অঞ্চলত আজিৰেপৰা দুদিনীয়াকৈ বীৰ চিলাৰায় দিৱসৰ আয়োজন কৰা হৈছে। বজালীৰ দৈশিঙৰিত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত বীৰ চিলাৰায় জয়ন্তীত আজি মন্ত্ৰী ৰণজিত কুমাৰ দাসে অংশ লয়।
       বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস উদ্‌যাপন কৰা হয়। জিলাখনৰ উত্তৰ শালমাৰাৰ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয় প্ৰাংগণত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত থাকে। এই অনুষ্ঠানতে কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্রয়াত অৰুণ কুমাৰ ৰায়লৈ মৰণোত্তৰভাৱে এই বৰ্ষৰ বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হয়। জিলাখনৰ খোড়াগাঁও ৰাজহুৱা খেলপথাৰতো আজি কেইবাটাও সংগঠনৰ উদ্যোগত এই দিৱস পালন কৰা হয়।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা বিজেপিয়ে আয়োজন কৰা বীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহাকে ধৰি কেইবাখনো মণ্ডল সমিতিৰ সভাপতি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক