মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ১৮ হাজাৰ ৩৭০ গৰাকী সদস্যাৰ মাজত চেক বিতৰণ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ দিহিং ক্রীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, যে উদ্যোগী নাৰীসকলক ৰাজ্যৰ উত্তৰণমুখী যাত্ৰাৰ শক্তিশালী অংশীদাৰ ৰূপে গঢ়ি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয়, যে এই অভিযানৰ অধীনত ধন লাভ কৰা মহিলা উদ্যোগীসকলে দক্ষতা আহৰণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত সফল হ’ব পৰাকৈ তেওঁলোকক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযান সন্দৰ্ভত সোধা এটা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিব। ইতিমধ্যে উচ্ছেদিত হোৱা লোকসকলে যাতে উজনি অসম অথবা উত্তৰ পাৰৰ ভূমি দখল কৰি ভাবুকি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ লগতে উল্লেখ কৰে। ড০ শৰ্মাই ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাত বহনক্ষম আৰু বিজ্ঞান সন্মত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি মাৰ্ঘেৰিটাত আৱৰ্জনা নিষ্কাশন কেন্দ্ৰ আৰু আৱৰ্জনাৰ পৰা জৈৱ সাৰ প্ৰস্তুত কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ছয় কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটো দৈনিক ৫০ মেট্রিকটন গোটা আৱৰ্জনা নিষ্কাষণ কৰা হ’ব। প্ৰয়োজনসাপেক্ষে এই ক্ষমতা ১০০ মেট্রিকটনলৈ বৃদ্ধি কৰিব পৰা যাব বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই উল্লেখ কৰে ।
মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ১৮,৩৭০গৰাকী সদস্যাক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ