ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ন্যায়াধীশসকলে সংবিধানৰ মতে কাম কৰাৰ লগতে সামাজিক ৰীতি-নীতি অনুসৰি নিজৰ মতামত গঠন কৰিব নোৱাৰেঃ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়

ন্যায়াধীশসকলে সংবিধানৰ মতে কাম কৰাৰ লগতে সামাজিক ৰীতি-নীতি অনুসৰি নিজৰ মতামত গঠন কৰিব নোৱাৰে বুলি আজি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে দেশৰ জনসাধাৰণে আদালতক মন্দিৰ হিচাপে গণ্য কৰে। সেয়েহে গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশসকল সংবেদনশীল আৰু সহানুভূতিশীল হ’ব লাগে বুলি তেওঁ কয়। কলকাতা উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্বনৰ পুথিভঁৰালৰ দ্বিশতবার্ষিকী উপলক্ষে আয়োজিত এটি বিশেষ অনুষ্ঠানত অংশ লৈ তেওঁ ন্যায়াধীশসকলক জনসাধাৰণৰ সেৱক বুলি অভিহিত কৰে। গোচৰৰ শুনানিৰ সময়ত অপৰাধৰ বিষয়ে কোনো পূৰ্ব ধাৰণা গঢ়ি তুলিব নালাগে বুলিও তেওঁ উল্লেখ কৰে। প্ৰযুক্তিৰ কথা উল্লেখ কৰি তেওঁ কয় যে আদালতে নিজৰ ভাষাত দিয়া সিদ্ধান্তক যিকোনো ভাষালৈ অনুবাদ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ ৫১ হাজাৰৰো অধিক আদেশ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।