ডাউনলোড
মোবাইল এপ

android apple
signal

চেন্নাইত কাইলৈৰ পৰা মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতা

প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতা কাইলৈ তামিলনাডুৰ চেন্নাইত আৰম্ভ হ’ব। কাইলৈ পুৱা ৬ বজাত হিমাচল আৰু মহাৰাষ্ট্ৰৰ মাজত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে পুৱা চাৰে ৭ বজাত কৰ্ণাটক কেৰালাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ১০ দিনীয়া প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন অহা ২৭ জুনত খেলোৱা হ’ব। প্ৰতিযোগিতাত ভাগ লোৱা মুঠ ৮টা দলৰ ভিতৰত হিমাচল, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু কেৰালাক গ্ৰুপ-এত আৰু ওড়িশা, হাৰিয়ানা, পঞ্জাব আৰু তামিলনাড়ুক গ্রুপ-বিত স্থান দিয়া হৈছে। এই আগশাৰীৰ প্ৰতিযোগিতাৰ উদ্বোধনী সংস্কৰণে ভাৰতীয় হকীৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক