ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 15, 2025 12:09 PM | Chess

printer

ভাৰতৰ আৰ বৈশালী আৰু হৰিকা দ্ৰোণাৱলী ফিডে মহিলা দবা বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আৰ বৈশালী আৰু হৰিকা দ্ৰোণাৱলীয়ে জর্জিয়াৰ বাটুমিত অনুষ্ঠিত ফিডে মহিলা দবা বিশ্বকাপৰ তৃতীয় ৰাউণ্ডৰ এখন খেলত টাই-ব্ৰেকত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ কনেৰু হাম্পি আৰু দিব্যা দেশমুখো ইতিমধ্যে প্রি- কোৱাৰ্টাৰ ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে।

পূৰ্বৰ গেমসমূহ ড্র’ হোৱাৰ পাছত ১০+১০ ৰেপিড টাই-ব্ৰেকত বৈশালীয়ে আমেৰিকাৰ কেৰিছা য়িপক পৰাস্ত কৰে। খেলুৱৈগৰাকী পৰৱৰ্তী খেলত ডিফেণ্ডিং চেম্পিয়ন আলেকজেণ্ডাৰ গোৰিয়াচকিনাক নক আউট কৰা কাজাখস্তানৰ মেৰুৱেৰ্ট কামালিডেনোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ইপিনে, ভাৰতৰ হৰিকা দ্ৰ’ণাভাল্লীয়েও টাই-ব্ৰেকত গ্ৰীচৰ ষ্টাভ্ৰ’লা ছ’লাকিডুক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰে। পৰৱৰ্তী খেলত হৰিকা ৰাছিয়াৰ কেটেৰিনা লাগনোৰ মুখামুখি হ’ব।
আনহাতে, দিব্যা দেশমুখ চীনৰ জু জিনাৰৰ বিৰুদ্ধে আৰু কনেৰু হাম্পিয়ে পৰৱৰ্তী ৰাউণ্ডত ছুইজাৰলেণ্ডৰ আলেকজেণ্ড্রা কষ্টেনিউকৰ বিৰুদ্ধে খেলিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।