February 10, 2025 12:15 PM | Chees

printer

ফ্রী ষ্টাইল ডবা গ্ৰেণ্ড শ্লেমত কোৰ্ৱাটাৰ ফাইনেলত ডি গুকেশ ফেবিয়ানো কাৰুৱানাৰ বিৰুদ্ধে অৱৰ্তীণ

জার্মানীত অনুষ্ঠিত ফ্রী ষ্টাইল ডবা গ্ৰেণ্ড শ্লেম টুৰত ভাৰতৰ গ্ৰেণ্ড মাষ্টাৰ ডি গুকেশ কোৱাৰ্টাৰ ফাইনেলৰ নিজৰ প্ৰথমখন খেলত বিশ্বৰ ৩ নম্বৰ ৰেংকিঙৰ ফেবিয়ানো কাৰুৱানাৰ হাতত পৰাস্ত হৈছে। এই প্ৰতিযোগিতাত এটাও জয়ৰ মুখ নেদেখা গুকেশৰ এয়া আছিল তৃতীয়টো পৰাজয়। অৱশ্যে প্ৰতিযোগিতাত গুকেশৰ বাবে এতিয়ালৈ সুযোগ সমাপ্ত হোৱা নাই। আজি কোৱাৰ্টাৰ ফাইনেলৰ দ্বিতীয় খেলখনত খেলুৱৈগৰাকী পুনৰ কাৰুৱানাৰ মুখামুখি হব আৰু প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ হলে গুকেশ এই খেলখনত জয়ী হবই লাগিব ।

ইয়াৰ পূৰ্বে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ মেগনাছ কাৰ্লচেনৰ বিৰুদ্ধে পৰাজয় স্বত্বেও গুকেশে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।