November 11, 2025 12:13 PM | chaygaon cm meeting

printer

ছয়গাঁৱত বন অধিকাৰ আইন, ২০০৬ৰ অধীনত জনজাতীয় পৰিয়ালক ভূমি স্বত্ব-পত্ৰ বিতৰণ অনুষ্ঠান

ধৰতি আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি জনজাতীয় গৌৰৱ বৰ্ষ উদযাপন কৰা হৈছে। কামৰূপ জিলাৰ ছয়গাঁৱৰ পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত আজি দিনৰ ২ বজাত বন অধিকাৰ আইন, ২০০৬ৰ অধীনত জনজাতীয় পৰিয়ালক ভূমি স্বত্ব-পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এই কাৰ্যসূচীত কামৰূপ জিলাৰ মুঠ চাৰি হাজাৰ ৬৭৩ টা বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনজাতীয় পৰিয়ালক ভূমি স্বত্ব-পত্র বিতৰণ কৰিব। কামৰূপ জিলা প্ৰশাসনৰ সৌজন্যত আৰু জনজাতি পৰিক্ৰমা ভৈয়াম, বিভাগৰ সহযোগত আয়োজন কৰা জনজাতীয় গৌৰৱ বৰ্ষ পষেক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।