ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 11, 2025 12:13 PM | chaygaon cm meeting

printer

ছয়গাঁৱত বন অধিকাৰ আইন, ২০০৬ৰ অধীনত জনজাতীয় পৰিয়ালক ভূমি স্বত্ব-পত্ৰ বিতৰণ অনুষ্ঠান

ধৰতি আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি জনজাতীয় গৌৰৱ বৰ্ষ উদযাপন কৰা হৈছে। কামৰূপ জিলাৰ ছয়গাঁৱৰ পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত আজি দিনৰ ২ বজাত বন অধিকাৰ আইন, ২০০৬ৰ অধীনত জনজাতীয় পৰিয়ালক ভূমি স্বত্ব-পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এই কাৰ্যসূচীত কামৰূপ জিলাৰ মুঠ চাৰি হাজাৰ ৬৭৩ টা বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনজাতীয় পৰিয়ালক ভূমি স্বত্ব-পত্র বিতৰণ কৰিব। কামৰূপ জিলা প্ৰশাসনৰ সৌজন্যত আৰু জনজাতি পৰিক্ৰমা ভৈয়াম, বিভাগৰ সহযোগত আয়োজন কৰা জনজাতীয় গৌৰৱ বৰ্ষ পষেক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰিব।