ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ ব্যৱস্থাঃ ৰাজ্যপাল ৰমেন ডেকা

ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠাৰ ব্যৱস্থা লোৱা হ’ব। ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই কালি নলবাৰীৰ বেলশৰত চলি থকা অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগটোক পূৰ্ণাংগ ৰূপ দিয়াৰ ঘোষণা কৰা হৈছিল। ইয়াৰ পাছত ছত্তীশগড় বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ কথাই স্বাভাৱিকতে অসমবাসীক উৎফুল্ল কৰি তুলিছে। নাট্য সন্মিলনৰ অধিৱেশনৰ প্ৰথমখন মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল ৰমেন ডেকাই কয়, যে ছত্তীশগড়ৰ ৰজা চক্রধ্বজৰ নামত নাট্য সন্মিলনৰ শ্ৰেষ্ঠ অভিনেতাক বছৰি বঁটা দিয়াৰ বাবে মূলধন হিচাপে ৰাজভৱনৰ তৰফৰ পৰা ২ লাখ টকা সন্মিলনক দিয়া হ’ব। অসম আৰু ছত্তীশগড়ৰ মাজত সম্প্ৰীতিৰ বান্ধোন সৃষ্টি কৰিবলৈ বিশেষ ব্যৱস্থা লোৱাৰ লগতে ৰাজ্যখনত লাচিত দিৱসো উদযাপন কৰা হৈছে বুলি শ্ৰী ডেকাই উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।