চত্তিশগড়ৰ কাৱাৰ্ধা জিলাত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৫ জন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত ৩ গৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰী, এগৰাকী নাবালিকা আৰু বাহনখনৰ চালকজন আছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ৩০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চিল্কী উপত্যকাৰ আকালঘৰীয়াত এখন তীব্ৰবেগী ট্রাকে এখন বাহনত খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। চালকজনৰ বাহিৰে বাহনখনত থকা আটাইকেইগৰাকী যাত্ৰী কলকতাৰ নিবাসী আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
Site Admin | October 6, 2025 1:46 PM | Chattishgarh Accident
চত্তিশগড়ৰ কাৱাৰ্ধা জিলাত সংঘটিত পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু, ৫জন আহত