ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 21, 2025 7:28 PM | Choriedew

printer

ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত চৰাইদেউত জিলাখনৰ আগ্ৰহী বিনিয়োগকাৰীসকলৰ বৈঠক অনুষ্ঠিত

চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি বিনিয়োগ আন্তগাথনি শীর্ষ সন্মিলন এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ অধীনৰ সংশ্লিষ্ট বিভাগসমূহৰ লগতে জিলাখনৰ আগ্ৰহী বিনিয়োগকাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আয়ুক্তগৰাকীক বিভাগীয় বিষয়াসকলে নিজ নিজ বিভাগৰ অন্তৰ্গত বিভিন্ন ঔদ্যোগিক খণ্ডৰ সৈতে জড়িত বিনিয়োগকাৰীসকলৰ প্ৰতিবেদনৰ বিষয়ে বিতংভাৱে অৱগত কৰে। এই সংক্ৰান্তত বৰ্তমানলৈকে ৬৯ খন প্রতিবেদন লাভ কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে অৱগত কৰে। অহা ২৫ ফেব্ৰুৱাৰীত বিনিয়োগকাৰীসকলৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব বুলিও তেওঁ জনায়। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সাধাৰণ প্ৰৱন্ধকে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰিব আৰু বিনিয়োগৰাকীসকলৰ সৈতে তেওঁ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত বেংকৰ পৰা ঋণ লাভ কৰা ক্ষেত্ৰত জ্যেষ্ঠ বেংক বিষয়াই সহযোগিতা আগবঢ়াব বুলিও বৈঠকত জনোৱা হয়। এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সাধাৰণ প্ৰৱন্ধক, জ্যেষ্ঠ বেংক বিষয়া প্ৰমুখ্যে সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।