ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 30, 2025 12:43 PM | uttarakhanda

printer

উত্তৰাখণ্ডত আজি পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ

অক্ষয় তৃতীয়া উপলক্ষে উত্তৰাখণ্ডত আজি পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ হব। উত্তৰ কাশী জিলাত অৱস্থিত গংগোত্ৰী আৰু যমুনোত্রী মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ লগে লগে এই যাত্ৰা আৰম্ভ হব। মুকবা গাঁৱৰ শীতকালীন আৱাসত দেৱী গংগাৰ পাল্কী ছমাহ ৰখাৰ পাছত কালি গংগোত্রী ধামলৈ লৈ অহা হয়। যোৱা নিশা ভৈৰৱঘাটিৰ ভৈৰৱ মন্দিৰত দেৱী গংগাৰ পাল্কী বিশ্ৰামৰ বাবে ৰখা হয়। আজি ভৈৰৱঘাটিৰ পৰা গংগোত্ৰীলৈ পাল্কী লৈ যোৱা হ, ত পৰম্পৰাগত পূজা আৰু বৈদিক মন্ত্ৰোচ্চাৰণেৰে দিনৰ চাৰে ১০ বজাত মন্দিৰৰ দ্বাৰ মুকলি কৰা হব।

ইপিনে মা যমুনাৰ পাল্কী তেওঁৰ শীতকালীন আৱাস খাৰছলীৰ পৰা আজি পুৱা যমুনাত্ৰী ধামলৈ লৈ যোৱা হব। ৰুদ্ৰ প্ৰয়াগ জিলাত অৱস্থিত কেদাৰনাথ মন্দিৰৰ দ্বাৰ ২ মেত আৰু চামলী জিলাৰ বদ্রীনাথ ধামৰ দ্বাৰ ৪ মেত খোলা হব। আকাশবাণীয়ে চাৰিধাম যাত্ৰাৰ উদ্বোধনী অনুষ্ঠানৰ বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰিব।

আজি দিনৰ ১০ বজাৰ পৰা ১১ বজালৈ গংগোত্ৰী ধাম আৰু দিনৰ চাৰে ১১ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ যমুনাত্ৰী ধামৰ দ্বাৰ মুকলি কাৰ্যসূচীৰ বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰা হব। ২ মে’ত পুৱা ৬ বজাত কেদাৰনাথ ধাম আৰু ৪ মেত পুৱা চাৰে ৬ বজাৰ পৰা চাৰে ৭ বজালৈ বদ্রীনাথ ধাম মুকলি কাৰ্যসূচীৰ বিৱৰণী পোনপটীয়া প্ৰচাৰ কৰা হব। শ্ৰোতাসকলে আকাশবাণীৰ ইন্দ্ৰপ্ৰস্থ, এফ এম গোল্ড আৰু আৰাধনা চেনেলৰ উপৰি নিউজ অন এয়াৰ এপ যোগেও এই কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ শুনিব পাৰিব। আজিৰে পৰা ৪ মেপর্যন্ত প্ৰতিদিনে সন্ধিয়া চাৰে ৭ বজাৰ পৰা ৭ বাজি ৪৫ মিনিটলৈ এই যাত্ৰা সন্দৰ্ভত বিশেষ প্রতিবেদন প্ৰচাৰ কৰা হব।