January 5, 2026 12:59 PM | chanddubi mela

printer

চানডুবি বিলৰ পাৰত অনুষ্ঠিত ষোড়শ চানডুবি মহোৎসৱৰ আজি সামৰণি

দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চানডুবি বিলৰ পাৰত যোৱা ১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ষোড়শ চানডুবি মহোৎসৱৰ আজি সামৰণি পৰিব। পৰ্যটনথলী হিচাপে গঢ় লৈ উঠা চানডুবিত প্ৰতিবছৰে নৱবৰ্ষ উপলক্ষে বহু পৰ্যটক আৰু বনভোজ দলৰ আগমন ঘটে। মহোৎসৱৰ্থলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি, হস্তশিল্প আৰু খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।