ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেজৰিৱালৰ গ্ৰেপ্তাৰ আৰু জিম্মাত ৰখাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই আবেদনৰ উত্তৰ দাখিল বিধি বলবৎকাৰী সঞ্চালকালয়ৰ

বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি দিল্লী উচ্চ ন্যায়ালয়ত সুৰা নীতিৰ গোচৰৰ সৈতে জড়িত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰেপ্তাৰ আৰু জিম্মাত ৰখাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই দিয়া আবেদনৰ উত্তৰ দাখিল কৰে। উত্তৰত সঞ্চালকালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰ বৈধ হিচাপে অভিহিত কৰি কয় যে তেওঁলোকে ক’লা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ ১৬ নম্বৰ ধাৰাত থকা সকলো পদ্ধতিগত প্রয়োজন বজাই ৰাখিছে। সঞ্চালকালয়ে সংবিধানৰ ২২ নম্বৰ অনুচ্ছেদৰ নিয়মো কঠোৰভাৱে পালন কৰা হৈছে বুলি উল্লেখ কৰে। সুৰা কেলেংকাৰীৰ গোচৰত যোৱা ২১ মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইতিমধ্যে অহা ১৫ এপ্ৰিললৈ তেওঁক তিহাৰ কাৰাগাৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।