আকাশবাণীৰ চলন্তিকা অনুষ্ঠানত আজি ‘সুন্দৰ জীৱনৰ বাবে যোগ’ শীৰ্ষক আলোচনা

বিশ্ব যোগ দিৱসৰ প্ৰাকক্ষণত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা চাৰে ৮ বজাত চলন্তিকা অনুষ্ঠানত ‘সুন্দৰ জীৱনৰ বাবে যোগ’ শীৰ্ষক দিগন্ত শৰ্মাৰ সৈতে হোৱা এটা আলোচনা আগবঢ়াব। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা চাৰে ৬ বজাত তেজপুৰৰ চাৰ্ছ ফিল্ডত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখত স্থাপন কৰা স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায়ৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰিব।