উত্তৰ-পূৰ্বাঞ্চললৈ বাধ্যতামূলকভাৱে আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ ১০ শতাংশ পুঁজি হস্তান্তৰৰ ক্ষেত্ৰতো অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ আগবঢ়াইছে। ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়াক কালি নতুন দিল্লীত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ ফলত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজিবলৈ ৰাজ্যসমূহক অধিক পুঁজিৰ প্ৰয়োজন হয় বুলি কয়। তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, পৰিৱৰ্তনশীল জনগাঁথনি আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰ হস্তান্তৰ ক্ষেত্ৰতো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভিন্ন দৃষ্টিকোণৰ প্ৰয়োজনীয়তা সম্পর্কে আঙুলিয়াই দিয়ে। কেন্দ্ৰীয় কৰ হস্তান্তৰৰ ক্ষেত্ৰত অসমৰ আন আন দিশসমূহৰ বিষয়েও ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ পানাগাৰিয়াৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰে। এই বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী, বিত্ত বিভাগৰ আয়ুক্ত তথা সচিব জয়ন্ত নাৰ্লিকাৰকে ধৰি ৰাজ্যৰ কেইবাজনো জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্রী ড০ শর্মাই নতুন দিল্লীত কালি কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যৰ বিভিন্ন আন্তঃগাঁথনি প্রকল্প সন্দৰ্ভত আলোচনা কৰে। গুৱাহাটীৰ পৰা শিলচৰ আৰু ডিব্ৰুগড়লৈ গ্রীন এক্সপ্ৰেছ কৰিড’ৰ, এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণৰ নতুন প্রকল্প সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্রী ড° শৰ্মাই এই প্রকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সহযোগিতা কামনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিহাৰৰ কেবিনেট মন্ত্রী অশোক চৌধুৰী, লাইফ কেয়াৰ লিমিটেডৰ অধ্যক্ষ জয়েশ ছাইনি তথা আই চি আই চি আই ফাউণ্ডেচন আৰু আই চি আই চি আই বেংকৰ প্ৰতিনিধিসকলৰ সৈতেও ৰাজ্যখনৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে।
Site Admin | July 3, 2025 1:18 PM | Chairman of the 16th Finance Commissionpanagaria and himanta biswa
উত্তৰ-পূৰ্বাঞ্চললৈ আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ ১০ শতাংশ পুঁজি হস্তান্তৰৰ ক্ষেত্ৰত অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱ