এডভাণ্টেজ আছামৰ প্ৰস্তুতি সন্দৰ্ভত মূল আয়োজক গোটৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামলৈ বিনিয়োগকাৰীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই শীৰ্ষ সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত কালি মূল আয়োজক গোটৰ সৈতে এখন পর্যালোচনাৰ বৈঠকত মিলিত হয়। ড০ শর্মাই লগতে কালি সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় আৰু এই ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। তেওঁ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ঝুমইৰ নৃত্যক বিশ্বৰ প্ৰেক্ষাপটতলৈ লৈ যোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ এই প্ৰয়াসক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিয়ে অনন্য মাত্ৰ প্ৰদান কৰিব বুলি উল্লেখ কৰে।

এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত কালি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই মুখ্য সচিব ড০ ৰবি কোটাৰ উপস্থিতিত ৰাজ্যৰ উদ্যোগপতিসকলৰ লগতে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ উদ্যোগীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। শ্ৰী বৰাই ৰাজ্যত ব্যৱসায়ৰ নতুন সুযোগ সৃষ্টি তথা ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত সহায় হোৱাকৈ এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত থলুৱা বিনিয়োগকাৰীসকলক সংযুক্ত হ’বলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।