কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ প্ৰথমটো বানত ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত ব্যাপক ৰূপ ধাৰণ কৰাৰ লগতে বহু সা-সম্পত্তি ধ্বংস হৈছে। পৰৱৰ্তী সময়ত বালিজান, বিন্ধাকতা, বগৰীতলীয়া আদি অঞ্চলত খহনীয়াই তীব্ৰ ৰূপধাৰণ কৰি জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় বিধায়ক পোনাকন বৰুৱা, বিনোদ হাজৰিকাকে ধৰি জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে এই ভ্ৰমণকালত মন্ত্ৰী দুগৰাকীক সংগ দিব।
Site Admin | June 14, 2025 12:05 PM | chabua sarbananda and pijush hazarika visit
কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব