আয়কৰ বিভাগৰ পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে আয়কৰ বিভাগৰ পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণত অনুমোদন জনাইছে। এহেজাৰ ৪৩৫ কোটি টকা ব্যয় সাপেক্ষে পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণ ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। কেন্দ্রীয় কেবিনেট বৈঠকৰ পিছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ইয়াৰ অধীনত বৰ্তমানৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে উন্নীত কৰা হ’ব আৰু এটা ঐক্যবদ্ধ পৰ্টেল উপলব্ধ হব। তেওঁ লগতে কয়, যে এই প্রকল্পত শক্তিশালী চাইবাৰ সুৰক্ষা ব্যৱস্থা থাকিব। তেঁও লগতে স্পষ্ট কৰি দিয়ে যে জনসাধাৰণৰ বৰ্তমানৰ স্থায়ী পেন নম্বৰ একেই থাকিব। এই প্রকল্প হৈছে কৰদাতাসকলৰ ডিজিটেল অভিজ্ঞতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা এটা প্ৰকল্প। ইয়াৰ জৰিয়তে নিৰ্দিষ্ট চৰকাৰী সংস্থাসমূহৰ সকলো ডিজিটেল ব্যৱস্থাৰ বাবে পেনক উমৈহতীয়া পৰিচয় নম্বৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।