কেন্দ্রীয় কেবিনেটে কৃষকসকলৰ জীৱন উন্নত কৰা তথা তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ বাবে ১৩ হাজাৰ ৯৬৬ কোটি টকাৰ ৭ খন আঁচনিত অনুমোদন জনাইছে। কেবিনেটে আজি ২ হেজাৰ ৮১৭ কোটি টকা ব্যয় সাপেক্ষ ডিজিটেল কৃষি অভিযানত অনুমোদন জনায়। নতুন দিল্লীত বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, কৃষকসকলৰ জীৱন উন্নত কৰাৰ উদ্দেশ্যে কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তগাঠনিৰ আৰ্হিতে ডিজিটেল কৃষি অভিযান বিকশাই তোলা হৈছে। ইপিনে, কেবিনেটে আজি ৩ হাজাৰ ৯৭৯ কোটি টকা ব্যয়সাপেক্ষ খাদ্য আৰু পৰিপুষ্টি সুৰক্ষাৰ বাবে শস্য বিজ্ঞানতো অনুমোদন জনায় ৷ চৰকাৰে লগতে ২ হাজাৰ ২৯১ কোটি টকা ব্যয় সাপেক্ষে কৃষিশিক্ষা, ব্যৱস্থাপনা তথা সমাজ বিজ্ঞানক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি এহেজাৰ ২০২ কোটি টকা ব্যয় সাপেক্ষে কৃষিবিজ্ঞান কেন্দ্ৰ উন্নত কৰি তোলা আৰু এহেজাৰ ১১৫ কোটি টকা ব্যয় সাপেক্ষে প্রাকৃতিক সম্পদ ব্যৱস্থাপনা খণ্ড শক্তিশালী কৰি তোলাৰ সিদ্ধান্তও কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰে। ইপিনে, গুজৰাটৰ সানন্দত অর্ধপৰিবাহী স্থাপনৰ বাবে কেইনেচ চেমিকন প্রাইভেট লিমিটেডৰ প্ৰস্তাৱত আজি কেবিনেটে অনুমোদন জনায়। অর্ধপৰিবাহী পৰিস্থিতি তন্ত্ৰৰ উন্নয়নৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৩ হাজাৰ ৩০০ কোটি টকা ব্যয়সাপেক্ষে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ‘ব।
Site Admin | September 2, 2024 8:19 PM | Central cabinet
কৃষকসকলৰ বাবে ১৩,৯৬৬ কোটি টকাৰ ৭ খন আঁচনিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন