খেল

December 18, 2024 1:31 PM

views 16

বিশ্বৰ অন্যতম শ্রেষ্ঠ অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা

বিশ্বৰ অন্যতম শ্রেষ্ঠ অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। ভাৰতৰ হৈ ৩৮ বছৰীয়া অশ্বিনে ১০৬ খন টেষ্ট খেলি ৫৩৭ টা উইকেট অধিকাৰ কৰিছিল। অনিল কুম্বলেৰ পাছত তেওঁ হৈছে টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ দ্বিতীয় সর্বাধিক উইকেট দখল কৰোতা। আজি ব্ৰীছবেনৰ গাবাত তৃতীয় ট...

December 18, 2024 1:27 PM

views 23

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট অমীমাংসিতভাৱে সমাপ্ত

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট আজি অমীমাংসিতভাৱে সমাপ্ত হৈছে। খেলখনৰ আজি অন্তিম দিনা ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত ৭ উইকেটৰ বিনিময়ত ৮৯ ৰান কৰি নাটকীয়ভাৱে ইনিংছ সমাপ্তি ঘোষণা কৰে আৰু ভাৰতক দ্বিতীয় ইনিংছত ২৭৫ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।...

December 18, 2024 1:01 PM

views 26

মুম্বাই চিটি এফ চিৰ ১৩ অনূৰ্ধ্ব দলত অসমৰ দিশান্ত বৰঠাকুৰ

মুম্বাই নিবাসী অসমৰ উদীয়মান খেলুৱৈ দিশান্ত বৰঠাকুৰে দেশৰ আগশাৰীৰ ফুটবল ক্লাব মুম্বাই চিটি এফ চি ৰ ১৩বছৰ অনূৰ্ধ্ব দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বিগত দুবছৰ ধৰি ছকাৰষ্টাৰজ ফুটবল ক্লাবৰ অধীনত প্ৰশিক্ষণ লৈ থকা দিশান্তই এতিয়াৰে পৰা ক্লাবটোৰ হৈ আই লীগ আৰু মুম্বাই ফুটবল সন্থা (এম এফ এ)ৰ বিভিন্ন খেলত অংশ ...

December 17, 2024 8:34 PM

views 30

টপচেম-এ এছ জে এ ক্ৰীড়া মহোৎসৱ বেডমিণ্টনত চেম্পিয়ন আকাশবাণী

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটীত চলি থকা টপচেম-এ এছ জে এ আন্তঃমিডিয়া ক্ৰীড়া মহোৎসৱৰ বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ দলীয় শাখাত আকাশবাণী চেম্পিয়ন হৈছে৷ মঙলবাৰে আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেলত মানস প্ৰতীম শৰ্মা আৰু মনদ্বীপ মহন্তৰ দ্বাৰা ...

December 17, 2024 8:32 PM

views 27

ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ অসম দল ৰাওনা

অহা ১৮-২৪ ডিচেম্বৰলৈ বেংগালুৰুত অনুষ্ঠিত হ’বলগা ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতালৈ অসমৰ মহিলাৰ দলটো মঙলবাৰে ৰাওনা হৈছে৷ আনহাতে, অসমৰ পুৰুষ দলটো বুধবাৰে ৰাওনা হ’ব৷ উভয় দলকে অসম বেডমিণ্টন সন্থাই বিমানযোগে প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷ অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি প্ৰতিযোগিতাত অস...

December 17, 2024 6:55 PM

views 13

ব্ৰিছবেন টেষ্টৰ চতুর্থ দিনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৯টা উইকেটত ২৫২ ৰান সংগ্ৰহ

ব্ৰিছবেন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ফল' অনৰ পৰা হাত সাৰিবলৈ সমৰ্থ হৈছে। গাবাত অনুষ্ঠিত তৃতীয় টেষ্টৰ আজি চতুর্থ দিনৰ সামৰণিত ভাৰতে প্ৰথম ইনিংছত ৯টা উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰে। ফ'ল' অনৰ পৰা হাত সাৰিবলৈ ভাৰতক ২৪৬ ৰান প্রয়োজন আছিল। দিনান্তত যশপ্রীত বুমৰাই ১০ আৰু আকাশ দীপে ২৭ ৰান কৰি বেট...

December 17, 2024 11:31 AM

views 20

এছিয়া কাপ হকী প্ৰতিযোগিতাৰ খিতাপ জয় কৰা ভাৰতৰ জুনিয়ৰ মহিলা দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপ হকী প্ৰতিযোগিতাৰ খিতাপ জয় কৰা ভাৰতৰ জুনিয়ৰ মহিলা দলক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ দলটোৰ ধাৰাবাহিকতা আৰু দৃঢ়তাক প্ৰশংসা কৰাৰ লগতে পৰৱৰ্তী প্ৰতিযোগিতাসমূহৰ বাবে শুভেচ্ছা জনায়। এই সফলতাই হকীৰ প্ৰতি যুৱ চামৰ আকৰ্ষণ ক্ৰমাৎ বৃদ্ধি পোৱ...

December 16, 2024 8:03 PM

views 14

ব্ৰীজবেন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম ইনিংছত ভাৰতৰ বেটিং বিপৰ্যয়

ব্ৰীজবেন টেষ্টত আজি ভাৰতে-অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৪৫ ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি বৰ্ষাবিঘ্নীত তৃতীয় দিনাৰ খেলৰ অন্তত ৪ উইকেটৰ বিনিময়ত ৫১ ৰাণ সংগ্ৰহ কৰিছে। ভাৰত এতিয়াও অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ স্ক'ৰতকৈ ৩৯৪ ৰাণত পিছপৰি আছে। তৃতীয় দিনৰ খেল সামৰণি পৰাৰ সময়ত কে এল ৰাহুলে ৩৩ ৰাণ আৰু অধিনায়ক ৰ...

December 16, 2024 12:34 PM

views 10

শিৱসাগৰৰ জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ফুটবল প্রতিযোগিতাত ডিব্ৰুগড়ৰ মাইজান এফ চি চূড়ান্ত বিজয়ী

শিৱসাগৰ জিলাৰ জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম আমন্ত্রণমূলক প্রাইজমাণি ফুটবল প্রতিযোগিতাৰ কালি সামৰণি পৰে। কালি প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ডিব্ৰুগড়ৰ মাইজান এফ চিয়ে গহপুৰ ফুটবল একাদশক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ সন্মান লাভ কৰে।

December 16, 2024 12:27 PM

views 11

চলিত বৰ্ষৰ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল

ভাৰতে চলিত বৰ্ষৰ মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। ওমানৰ মাস্কাটত যোৱানিশা অনুষ্ঠিত ফাইনেল খেলত ভাৰতে চীনক ৩-২ পেনাল্টি শ্বুট আউটত পৰাস্ত কৰে। ভাৰতীয় গ'লৰক্ষক নিধিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰে। আনহাতে সাক্ষী ৰানা, ঈছিকা আৰু সুনেলিতা তপ্পোয়ে ভাৰতৰ হৈ এটাকৈ গ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।