খেল

May 18, 2025 8:28 PM

views 30

অসমত এখন এথলেটিক একাডেমী স্থাপন কৰা হ’বঃ জয়ন্ত মল্ল বৰুৱা

ৰাজ্যত এখন এথলেটিক একাডেমী স্থাপন কৰা হ'ব। এথলেটিক ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ উপাধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰে। ৰাজ্যৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ প্রগতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আৰু অসম এথলেটিক এছোচিয়েছনৰ উদ্যোগত এই একাডেমী স্থাপন কৰা হ'ব। শ্ৰীবৰুৱাই আজি ...

May 18, 2025 12:24 PM

views 17

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে সদৌ অসম আন্তঃজিলা ভিত্তিত দবা প্রতিযোগিতা অনুষ্ঠিত

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয় ইন্দোৰ ষ্টেডিয়ামত দবা প্রতিযোগিতা অনুষ্ঠিত হৈছে। সদৌ অসম আন্তঃজিলা ভিত্তিত ৭, ৯ আৰু ১১ বছৰ অনুৰ্ধৰ তিনিটা শাখাত এই প্রতিযোগিতাখন পূর্ণগতিত চলি আছে। ৰাজ্যৰ বিভিন্ন জিলাত ৩৫০ গৰাকী প্রতিযোগীয়ে যোগদান কৰা প্ৰতিযোগিতাখন...

May 18, 2025 12:02 PM

views 25

ভাৰতে ১৯ বছৰ অনুৰ্ধ ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে খেলিব

ভাৰত আজি অৰুণাচল প্ৰদেশৰ গল্ডেন জুবলী ষ্টেডিয়ামত হ'বলগীয়া ১৯ বছৰ অনুৰ্ধ ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া সাত বজাত আৰম্ভ হ'ব। গ্ৰুপ পৰ্যায়ত শ্রীলংকাক ৮-০, নেপালক ৪-০ আৰু শুকুৰবাৰে চেমিফাইনেলত মালদ্বীপক ৩-০ গলত পৰাস্ত কৰা ভাৰতীয় দল যথেষ্ট ভাল ফর্মত আছে।...

May 18, 2025 11:45 AM

views 26

আই পি এল ক্রিকেট ৰয়েল ছেলঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইটৰাইদাৰ্ছৰ মাজত হ’বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল ছেলঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইটৰাইদাৰ্ছৰ মাজত হ'বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত যোৱাবাৰৰ চেম্পিয়নছ কলকাতা প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণৰ পৰা বাহিৰ হয়। খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাৰ পাছত ৰয়েল ছেলঞ্...

May 18, 2025 11:33 AM

views 28

অসমৰ ৰুণজুন পেগুৰ ইণ্ডিয়া গ্রাঁ পি 2ত মহিলাৰ জেভলিন থ্ৰ’ৰ ফাইনেলত সোণৰ পদক অৰ্জন

ৰাজ্যৰ প্ৰতিভাবান খেলুৱৈ ৰুণজুন পেগুৱে ইণ্ডিয়া গ্রাঁ পি 2 ত মহিলাৰ জেভলিন থ্ৰ’ৰ ফাইনেলত সোণৰ পদক অৰ্জন কৰিছে। কেৰালাৰ ত্ৰিবান্দমত এল এন চি পি ই-ত কালি অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত ৰুণজুনে ৪২.৯৬ মিটাৰলৈ জেভলিন নিক্ষেপ কৰি সোণৰ পদক জয় কৰে।

May 16, 2025 11:38 AM

views 10

ভাৰতৰ মহিলা ক্রিকেট দলৰ ইংলেণ্ড ভ্ৰমণৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ভাৰতৰ মহিলা ক্রিকেট দলৰ আসন্ন ইংলেণ্ড ভ্ৰমণৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। অহা ২৮ জুনৰ পৰা ২২ জুলাইলৈ হ'বলগীয়া এই ভ্রমণকালত দলটোৱে ৫ খন টি-২০ আৰু ৩ খন এদিনীয়া খেলত অংশ ল'ব। হৰমনপ্রীত কৌৰে এদিনীয়া আৰু টি-২০ দুয়োটা দলক নেতৃত্ব দিব আৰু স্মৃতি মান্ধানাই উপ-অধিনায...

May 16, 2025 11:25 AM

views 16

আই পি এল ক্রিকেট প্রতিযোগিতাৰ স্থগিত ৰখা খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ’ব

ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাময় পৰিৱেশৰ বাবে সাময়িকভাৱে স্থগিত ৰখা আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ চেন্নাইৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া লীগ পৰ্যায়ৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। ৮ মে'ত খেল...

May 14, 2025 10:03 AM

views 11

১৯ বছৰ অনূৰ্ধ্ব ছাফ ফুটবল চেম্পিয়নশ্বিপৰ গ্ৰুপ ‘বি’ৰ শীৰ্ষস্থানত ভাৰত

১৯ বছৰ অনূৰ্ধ্ব ছাফ ফুটবল চেম্পিয়নশ্বিপত ভাৰতে গ্ৰুপ বিৰ শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত ভাৰতে কালি অৰুণাচল প্ৰদেশৰ য়ুপিয়াত অনুষ্ঠিত এখন খেলত নেপালক ৪-০ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ ৰোহেন সিং ছাপামায়ুমে দুটা আৰু ওমাং ড'ডুম তথা ডেনী মেইটেয়ে এটাকৈ গ'ল কৰে । এই জয়ৰ সুবাদত ভাৰতে নিজৰ দুখন খেলৰ পৰা...

May 14, 2025 10:01 AM

views 10

চীনৰ জিয়াংশানত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাহ্বানৰ অন্ত

চীনৰ জিয়াংশানত অনুষ্ঠিত ২০২৫ বৰ্ষৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাহ্বানৰ অন্ত পৰিছে। পুৰুষৰ ৯৬ কিলোগ্রাম শাখাত ভাৰতৰ দিলবাগ সিং নৱম স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ পূৰ্বে ছেৰাম নিৰুপমা দেৱীয়ে মহিলাৰ ৬৪ কিলোগ্রাম শাখাত মুঠ ২০৬ কেজি ভাৰত্তোলনেৰে সামান্য ব্যৱধানৰ বাবে পদকৰ পৰ...

May 13, 2025 8:19 PM

views 7

ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনাৰ বাবে স্থগিত ৰখা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ ১৭ মে’ৰ পৰা আৰম্ভ

ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে এসপ্তাহজোৰা বিৰতিৰ পাছত চলিত মাহৰ ১৭ তাৰিখৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ আৰম্ভ হ'ব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পাছত ৯ মে'ত আই পি এলৰ সকলো মেচ স্থগিত ৰখা হৈছিল। ১৭ মে'...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।