খেল

May 22, 2025 4:03 PM

views 17

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনত কিদাম্বী শ্রীকান্তৰ লগতে মিক্সড্ ডাবল্‌ছৰ যুটি ধ্ৰুৰ্‌ কপিলা আৰু তানিশা ক্ৰাষ্ট’ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ কিদাম্বী শ্রীকান্তৰ লগতে মিক্সড্ ডাবল্‌ছৰ যুটি ধ্ৰুৰ্‌ কপিলা আৰু তানিশা ক্ৰাষ্ট’ৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল প্ৰতিযোগিতাত শ্ৰীকান্তে সুন্দৰ প্ৰদৰ্শনেৰে আয়াৰলেণ্ডৰ নাট নুয়েনক ২৩-২১...

May 22, 2025 12:20 PM

views 15

আই পি এলত আজি সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ডেলহি কেপিটেলছক ৫৯ বানত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰা চতুর্থ তথা অন্তিমটো দল ৰূপে পৰিগণিত হয়। ইয়াৰ বিপৰীতে আই পি এলৰ এইবাৰৰ সংস্কৰণত ডেলহি কেপিটেলছৰ যাত্ৰাৰ সামৰণি পৰে। খেলখনত মুম্...

May 22, 2025 12:14 PM

views 25

দমন আৰু ডিউত চলিত খেলো ইণ্ডিয়া বিচ্চ গেমছত অসমৰ দুটা ব্ৰঞ্জৰ পদক লাভ

■ দমন আৰু ডিউত চলি থকা খেলো ইণ্ডিয়া বিচ্চ গেমছত অসমে কালি দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইয়াৰ পেনচাক চিলাটৰ ছোৱালীৰ গানডা ইভেণ্টৰ ডাবলছত কবিতা মুছাহাৰী আৰু সোণালী মুছাহাৰীয়ে ব্ৰঞ্জৰ পদক জয় কৰে। অসমে আনটো ব্ৰঞ্জৰ পদক ল’ৰাৰ ছেপাক টাক্ৰোৰ দলীয় শাখাত পাবলৈ সমর্থ হয়।

May 21, 2025 7:39 PM

views 25

সন্ধিয়া ৭.৩০ বজাত আই পি এলত মুম্বাই ইণ্ডিয়ানছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই চুপাৰ কিংছক ৬ উইকেটত পৰাস্...

May 21, 2025 12:48 PM

views 25

আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত ভাৰতৰ আদ্রিয়ান কৰ্মকাৰৰ ৰূপৰ পদক অৰ্জন

জাৰ্মানীৰ চুলত চলি থকা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত ভাৰতৰ আদ্রিয়ান কৰ্মকাৰে ৫০ মিটাৰ ৰাইফল প্ৰ’ন শিতানত ৰূপৰ পদক অৰ্জন কৰি দেশৰ হৈ পদক লাভৰ অভিযান আৰম্ভ কৰিছে। ২০ বছৰীয়া খেলুৱৈগৰাকীয়ে কালি ৬২৬ দশমিক ৭ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। এই শিতানত ছুইডেনৰ জেছপাৰ জোহানছনে ভাৰতীয় খেলুৱৈগৰাকীতকৈ মাত্ৰ...

May 21, 2025 12:33 PM

views 20

আই পি এলত কালি ৰাজস্থান ৰয়েলছৰ হাতত চেন্নাই ছুপাৰ কিংছ ৬ উইকেটত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৮৮ ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ এটা বলতে চাৰিটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ বৈভৱ সূর্যবংশীয়ে সর্বাধিক ৫...

May 20, 2025 12:52 PM

views 17

খেলো ইণ্ডিয়া বিচ গেমছ ক্রীড়া প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণ মুকলি

কেন্দ্রীয় ক্রীড়ামন্ত্রী মনসুখ মন্দাভিয়াই কালি বিয়লি ডিউত আয়োজিত এটা বর্ণিল অনুষ্ঠানত খেলো ইণ্ডিয়া বিচ গেমছ ক্রীড়া প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত বিভিন্ন পৰম্পৰাগত নৃত্যৰ জৰিয়তে দেশৰ চহকী সাংস্কৃতিক বৈচিত্র্য প্ৰকাশ কৰা হয়। অনুষ্ঠানত শ্ৰীমন্দাভিয়াই ২০৪৭ চনৰ ভিতৰ...

May 20, 2025 12:39 PM

views 27

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ৬ উইকেটত জয়লাভ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আই পি এল ক্রিকেট প্রতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌৰ দলটোত ৬ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে বান্ধি ২০৬ ৰানৰ লক্ষ্য হায়দৰাবাদে ১৮ অভাৰ আৰু ২টা বলত ৪টা উইকেটৰ বিনিময়ত...

May 19, 2025 1:20 PM

views 30

আই পি এলত কালি গুজৰাট টাইটানছৰ হাতত ডেলহি কেপিটেলছ ১০ উইকেটত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত গুজৰাট টাইটানছে দেলহী কেপিটেলছক ১০ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ২০০ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটৰ অপেনিং যুটী ছাই সুদৰ্শন আৰু অধিনায়ক শুভমন গিলে দেলহী কেপিটেলছৰ বলিং আক্রমণ ধৰাশায়ী কৰি অপৰাজিত হৈ ৰয়। সুদৰ্শনৰ শতক আৰু ...

May 19, 2025 12:36 PM

views 14

১৯ বছৰ অনূর্ধ দক্ষিণ এছীয় ফুটবল প্রতিযোগিতাত ভাৰতৰ চূড়ান্ত খিতাপ অৰ্জন

অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত ১৯ বছৰ অনূর্ধ দক্ষিণ এছীয় ফুটবল ফেডাৰেচন, ছাফ ফুটবল প্রতিযোগিতাত ভাৰতে বাংলাদেশক পেনাল্টি শ্বুটআউটৰ সহায়ত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে। উত্তেজনাপূর্ণ খেলখনত যোৱাবাৰৰ বিজয়ী ভাৰতৰ অধিনায়ক ছিংগামায়ুম শ্বামীয়ে খেলৰ দ্বিতীয় মিনিটতে প্ৰথমটো গ'ল দিয়ে। অৱশ্যে ৬১ মিনি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।