খেল

December 19, 2025 12:28 PM December 19, 2025 12:28 PM

views 10

আহমেদাবাদত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিম মেচ

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত ২-১ ফলাফলত আগবাঢ়ি আছে।

December 18, 2025 4:54 PM December 18, 2025 4:54 PM

views 13

কাইলৈ সন্ধিয়া ৭ বজাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱানিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আম্পায়াৰে কেইবাবা...

December 17, 2025 12:05 PM December 17, 2025 12:05 PM

views 11

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ট্ৰফীৰ ভ্ৰমণ আৰম্ভ

২০২৬ চনত হ'বলগীয়া পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ট্ৰফীৰ ভ্ৰমণ কালি আৰম্ভ হয়। প্রতিযোগিতাৰ দুই সহ আয়োজক ৰাষ্ট্ৰ ভাৰত আৰু শ্রীলংকাৰ সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা ৰামসেতুত এই ভ্রমণ মুকলি কৰা হয়। প্রতিযোগিতাখনৰ এই দশম সংস্কৰণত ২০টা দলে অংশ ল'ব। প্রতিযোগিতাৰ খেলসমূহ ভাৰতৰ পাঁচখন আৰ...

December 17, 2025 12:01 PM December 17, 2025 12:01 PM

views 13

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল

 ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি লক্ষ্ণৌৰ ভাৰতৰত্ন শ্রীঅটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি ২১ ফলাফলেৰে শৃংখলাত আগবাঢ়ি আছে। আজিৰ খেলখনত বিজয় সাব্যস্ত কৰিব পাৰিলেই ভাৰত...

December 16, 2025 1:25 PM December 16, 2025 1:25 PM

views 8

নগাঁও নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত MASTER GAMES প্রতিযোগিতাৰ যোগাসনত ধেমাজি দল শ্ৰেষ্ঠ

অসম MASTER GAMES সন্থাৰ উদ্যোগত নগাঁও নুৰুল আমিন ষ্টেডিয়ামত যোৱা ১২ৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত সপ্তম সদৌ অসম MASTER GAMES প্রতিযোগিতাত ধেমাজি জিলাৰ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশ লৈ স্থান অর্জন কৰিছে। এই প্ৰতিযোগিতাত জিলাখনৰ দলটো শ্ৰেষ্ঠ যোগাসন দল হিচাপে বিবেচিত হয়।

December 15, 2025 8:54 PM December 15, 2025 8:54 PM

views 8

মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাৰ গোচৰ ৰুজু

আৰক্ষীৰ অপৰাধ শাখাই মেচ ফিক্সিঙৰ অভিযোগ উঠা চাৰিগৰাকী ক্ৰিকেটাৰ অমিত সিনহা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সেই অনুসৰি যিকোনো মুহূৰ্ততে এই চাৰিগৰাকী ক্রিকেট গ্ৰেপ্তাৰ হ'ব পাৰে। অসম ক্ৰিকেট সন্থাই এই চাৰিগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাক এজাহাৰ দাখিল ক...

December 15, 2025 8:35 PM December 15, 2025 8:35 PM

views 6

ভাৰতীয় স্কোৱাচ দলৰ স্কোৱাচ বিশ্বকাপ খিতাপ দখল

ভাৰতীয় স্কোৱাচ খেলুৱৈৰ দলটোৱে ইতিহাস সৃষ্টি কৰি স্কোৱাচ বিশ্বকাপৰ খিতাপ দখল কৰিছে। চেন্নাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ঘৰুৱা দলটোৱে বিশ্বৰ শীৰ্ষস্থানীয় হংকঙক ৩-০ৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিশ্বকাপ জয়ী ভাৰতীয়...

December 15, 2025 12:21 PM December 15, 2025 12:21 PM

views 10

টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতৰ হাতত দক্ষিণ আফ্ৰিকা পৰাস্ত

ধৰ্মশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰণ কৰি দিয়া ১১৮ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে ১৫ অভাৰ ৫টা বলতে তিনিটা উইকেটৰ বিনিময়ত ১২০ ৰান কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ...

December 14, 2025 12:26 PM December 14, 2025 12:26 PM

views 11

ৰাষ্ট্ৰীয় মল্লযুঁজ প্রতিযোগিতাত অমন শ্বেৰাৱত আৰু অন্তিম পোংঘালৰ সোণৰ পদক অৰ্জন

আহমেদাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় মল্লযুঁজ প্রতিযোগিতাত পেৰিছ অলিম্পিকৰ পদক বিজেতা অমন শ্বেৰাৱত আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজেতা অন্তিম পোংঘালে সোণৰ পদক অৰ্জন কৰিছে। ২০২৪ৰ পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজেতা অমণ শ্বেৰাৱতে ফ্রী ষ্টাইল শিতানত নিজৰ ৫৭ কিলোগ্রাম ওজনৰ সলনি ৬১ কিলোগ্রাম ওজন শাখাত প্রতিদ্ব...

December 14, 2025 11:16 AM December 14, 2025 11:16 AM

views 25

মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই ৪ জন খেলুৱৈক নিলম্বন কৰে

মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৪ জন খেলুৱৈক নিলম্বন কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত মুস্তাক আলী ট্ৰফীৰ প্ৰাথমিক পৰ্যায়ৰ খেলৰ সময়ত অসম দলৰ একাংশ খেলুৱৈক মেচ ফিক্সিং কৰিবলৈ প্রলোভিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পাছতে অসম ক্রিকেট সন্থাই অমিত সিনহা, ঈশান আহমেদ, অমন...