খেল

August 11, 2024 7:39 PM

views 30

পেৰিছ অলিম্পিকৰ আজি সামৰণি

প্রায় ৩ সপ্তাহ জোৰা ৰোমান্সকৰ খেল প্রতিযোগিতাৰ অন্তত আজি নিশা আকৰ্ষণীয় সামৰণি অনুষ্ঠানেৰে পেৰিছ অলিম্পিকৰ অন্ত পৰিব। সামৰণি অনুষ্ঠান ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ'ব। অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামত ৮০ হাজাৰ দৰ্শক উপস্থিত থকাৰ সম্ভাৱনা আছে। সামৰণি অনুষ্ঠানত ২০২৮ চনত লজ এঞ্জেলছত হ'বলগীয়...

August 11, 2024 12:47 PM

views 28

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

অসম আৰ্চাৰী সন্থাৰ উদ্যোগত আজিৰেপৰা গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ল'ৰা আৰু ছোৱালীৰ ৰিকাৰ্ভ তথা কম্পাউণ্ডৰ জুনিয়ৰ, ছাব জুনিয়ৰ আৰু ছিনিয়ৰৰ একক শাখাত প্রতিযোগিতাখন অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত অলিম্পিয়ানসহ দেশৰ প্ৰায...

August 11, 2024 12:42 PM

views 39

পেৰিছ অলিম্পিকত ভাৰতৰ মুঠ ৬টা পদকেৰে আনুষ্ঠানিক অভিযানৰ অন্ত

পেৰিছ অলিম্পিকত ভাৰতৰ আনুষ্ঠানিক অভিযান মুঠ ৬টা পদকেৰে অন্ত পৰিছে। প্ৰতিযোগিতাৰ সামৰণিৰ পূৰ্বৰ দিনটোত কালি ভাৰতীয় মহিলা মল্লযোদ্ধা ৰিতিকা হুদা ৭৬ কিলোগ্রাম ওজন শাখাত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। একেদৰে গল্ফত অদিতী অশোক আৰু দীক্ষা ডাগৰ পদকৰ দৌৰৰ পৰা বাহিৰ হৈছে । যোৱা ২৬ জু...

August 11, 2024 11:56 AM

views 27

ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগট আৱেদনৰ ওপৰত ১৩ আগষ্টত ক্রীড়া চালিছী আদালতৰ ৰায় দান

ক্রীড়া চালিছী আদালতে আগশাৰীৰ ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা কাৰ্যৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ ৰায় মঙলবাৰলৈ স্থগিত ৰাখিছে। নতুন সময়সীমা অনুসৰি আপোচ বিচাৰক ড০ এনাবেলে বেনেটে ১৩ আগষ্টত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত ৰায়দান কৰিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী এই গোচৰৰ এটা পক্ষ...

August 10, 2024 7:35 PM

views 22

পেৰিছ অলিম্পিকৰ ফ্ৰী-ষ্টাইল শিতানত ভাৰতৰ ৰিতিকা হুদা পৰাস্ত

ভাৰতৰ ৰিতিকা হুদা শীর্ষ বাছনিপ্রাপ্ত কীর্গিজস্তানৰ মেডেত কিজি আইপেৰিৰ হাতত পৰাজিত হৈ পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী-ষ্টাইল শিতানৰ পৰা বাহিৰ হৈছে । অদিতি অশোক আৰু দীক্ষা দাগৰেও গ'ল্ফৰ মহিলাৰ ব্যক্তিগত শিতানত ভাল ফল দেখুৱাত ব্যৰ্থ হৈছে। অদিতি বর্তমান ৩৩ সংখ্যক আৰু দীক্ষা...

August 10, 2024 6:13 PM

views 24

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা ভাৰতীয় পুৰুষ হকী দলক আদৰণি

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দলটোক দিল্লী বিমান বন্দৰত আদৰণি জনোৱা হয়। দলটো বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে কেপ্তেইন হৰমন প্ৰীট সিং, গলৰক্ষক পি আৰ শ্ৰীজেছ আৰু প্ৰাক্তন কেপ্তেইন মনপ্রীত সিং সহ অন্যান্যসকলক ফুলৰ মালাৰে আদৰণি জনোৱা হয়।

August 10, 2024 1:21 PM

views 17

পেৰিছ অলিম্পিকত মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাত আজি ৰিতিকা হুদা হাংগেৰীৰ বর্নাডেট নেগীৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতৰ অন্তিমগৰাকী প্রতিদ্বন্দ্বী ৰিতিকা হুদাই আজি মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অভিযান আৰম্ভ কৰিব। ২২ বছৰীয়া খেলুৱৈগৰাকী প্ৰথম ৰাউণ্ডত হাংগেৰীৰ বর্নাডেট নেগীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব।

August 10, 2024 1:20 PM

views 22

অমন শ্বেহৰাৱটক ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ অভিনন্দন

ভাৰতৰ অমন শ্বেহৰাৱটে সুন্দৰ প্ৰদৰ্শনেৰে পেৰিছ অলিম্পিকৰ পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ব্ৰঞ্জৰ পদক দখল কৰিছে। শ্বেহৰাৱটে কালি ব্ৰঞ্জৰ পদকৰ যুঁজত পুৱেৰ্টো ৰিকোৰ ডেবিয়ন ক্রুজক ১৩-৫ ফলাফলত পৰাভূত কৰে। এইবাৰৰ অলিম্পিকত এয়া ভাৰতৰ ষষ্ঠটো আৰু মল্লযুদ্ধত প্ৰথমটো পদক। অমনে এই জ...

August 10, 2024 1:16 PM

views 27

বেটকুছি হাইস্কুল ৬৩ সংখ্যক সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ জুনিয়ৰ ছোৱালী শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমক প্রতিনিধিত্ব কৰা গুৱাহাটীৰ বেটকুছি হাইস্কুলে চলিত ৬৩ সংখ্যক সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ জুনিয়ৰ ছোৱালী শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় বায়ুসেনাই আয়োজন কৰা প্রতিযোগিতাখনৰ নতুন দিল্লীৰ জি ডি গোৱেংকা এডুকেশ্বন চিটী গ্রাউণ্ডত অনুষ্ঠিত গ্রুপ-এৰ অন্তিমখন খেলত কালি বেটকুছি হাইস্কুলে ...

August 9, 2024 12:06 PM

views 16

পেৰিছ অলিম্পিকৰ জেভলিনত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক, ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

ভাৰতীয় এথলীট নীৰজ চোপ্ৰাই বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ৮৯ দশমিক ৪-৫ মিটাৰলৈ যাঠি নিক্ষেপ কৰি যোৱানিশা পেৰিছ অলিম্পিকৰ পুৰুষৰ জেভলিনত ৰূপৰ পদক অৰ্জন কৰে। পাকিস্তানৰ অৰ্শদ নদীমে ৯২ দশমিক ৯-৭ মিটাৰলৈ যাঠি নিক্ষেপ কৰি ৯০ দশমিক ৫-৭ মিটাৰৰ সৰ্বকালৰ অলিম্পিক অভিলেখ ভংগ কৰি সোণৰ পদক অৰ্জন কৰে। কালিৰ প্ৰদৰ্শনৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।