খেল

October 23, 2024 12:21 PM

views 22

কাইলৈৰ পৰা অষ্টাদশ এছ এছ বি আন্তঃফ্ৰণ্টিয়াৰ বেডমিণ্টন প্রতিযোগিতা

সশস্ত্র সীমা বল গুৱাহাটীৰ ফ্ৰণ্টিয়াৰ কাৰ্যালয়ে কাইলৈৰ পৰা অষ্টাদশ এছ এছ বি আন্তঃফ্ৰণ্টিয়াৰ বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত কৰিব। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ কুমাৰকুচিত থকা লক্ষ্মীবাঈ নেচনেল ইনষ্টিউট অৱ ফিজিকেল এডুকেশ্বনত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা ২৭ অক্টোবৰত প্রতিযোগিতাৰ সামৰণি পৰিব।

October 23, 2024 11:57 AM

views 13

এ চি চি পুৰুষৰ টি-২০ ইমার্জিং এছিয়া কাপত আজি ভাৰত অমানৰ বিৰুদ্ধে অৱতীৰ্ণ

এ চি চি পুৰুষৰ টি-২০ ইমার্জিং এছিয়া কাপত আজি সন্ধিয়া ভাৰত এ দলটোৱে ঘৰুৱা দল অমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অল আমেৰাট ক্রিকেট গ্রাউণ্ডত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত এই পর্যন্ত আটাইকেইখন খেলতে জয়ী হোৱা তিলক বার্মা নেতৃত্বাধীন ভাৰতীয় এ দলে ইতিমধ্যে ছেম...

October 23, 2024 11:40 AM

views 29

ভিয়েনা অ’পেন টেনিছ প্রতিযোগিতাত ৰোহন বোপন্না আৰু মেথিউ এবডেন কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ভিয়েনা অ'পেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে কালি প্রি-কোৱাৰ্টাৰ ফাইনেল নেডাৰলেণ্ডছৰ ৰবিন হাছে আৰু জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভৰ্ভেৰ যুটীটো ২-৬, ৭-৫, ১০–৫ ছেটত পৰাস্ত কৰে। বোপন্না আৰু এবডেনৰ যুটীটো ...

October 23, 2024 12:18 PM

views 23

আজিৰে পৰা ভাৰত আৰু জাৰ্মানীৰ মাজৰ বহু অপেক্ষিত দ্বিপাক্ষিক হকী শৃংখলা

নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত আজিৰে পৰা ভাৰত আৰু জাৰ্মানীৰ মাজৰ বহু অপেক্ষিত দ্বিপাক্ষিক হকী শৃংখলা আৰম্ভ হ'ব। খেলখন দিনৰ ৩ বজাত আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটা দশকৰ পাছত আন্তঃৰাষ্ট্ৰীয় হকী খেল অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই শৃংখলা বিশেষ ৰূপে পৰিগণিত হৈছে। হৰমনপ্রীত সিং ...

October 22, 2024 3:15 PM

views 11

টি-টুৱেন্টি ইমাজিং টীমছ এছিয়া কাপ ক্রিকেটত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ পৰাস্ত

ভাৰতীয়-এ দলে কালি আল এমেৰাটত অনুষ্ঠিত পুৰুষৰ টি-টুৱেন্টি ইমাজিং টীমছ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰক ৭ উইকেটত পৰাস্ত কৰে। টছত জয়ী হৈ সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও দলটোৱে ১৯টা বল বাকী থকা অৱস্থাত ১০৭ ৰানত আটাইকেইটা উইকেট হেৰু...

October 22, 2024 3:03 PM

views 10

নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ বাবে ৱাশ্বিংটন সুন্দৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত

নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ পুনে আৰু মুম্বাইত হ'বলগীয়া পৰৱৰ্তী দুখন খেলৰ বাবে অলৰাউণ্ডৰ ৱাশ্বিংটন সুন্দৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ পৰিষদৰ নিৰ্বাচক কমিটীয়ে এই ঘোষণা কৰিছে।

October 21, 2024 9:18 PM

views 23

গুৱাহাটীত অনুষ্ঠিত ৯ বছৰ আৰু ১৩ বছৰৰ অনূৰ্ধ্ব গুৱাহাটী মহানগৰী দবা চেম্পিয়নশ্বিপৰ সামৰণি

গুৱাহাটী মহানগৰী দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত ৯ বছৰ আৰু ১৩ বছৰৰ অনূৰ্ধ্ব গুৱাহাটী মহানগৰী দবা চেম্পিয়নশ্বিপৰ সামৰণি পৰে। ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত শিক্ষক ভৱনত অনুষ্ঠিত প্রতিযোগিতাখনত ১৩ বছৰৰ অনূৰ্ধ্ব ল'ৰাৰ শাখাত ভৌমিক কিশোৰ দাসে আৰু ছোৱালীৰ শাখাত আমেয়া গুপ্তাই জয়লাভ কৰে। আনহাতে, ৯ বছৰ অনূৰ্ধ্ব...

October 21, 2024 9:17 PM

views 19

উত্তৰ প্ৰদেশত হ’বলগীয়া ২৫সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ৰ’য়িং চেম্পিয়নশ্বিপৰ বাবে অসমৰ ৫জনীয়া দলৰ নাম ঘোষণা

উত্তৰ প্ৰদেশৰ গোড়খপুৰত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ২৫ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ৰ’য়িং চেম্পিয়নশ্বিপৰ বাবে অসমৰ পাঁচজনীয়া দলৰ নাম ঘোষণা কৰিছে। অসম ব'ৰ্ট ৰেচিং এণ্ড ৰ’য়িং এছ’চিয়েচনৰ ল'ৰা আৰু ছোৱালীৰ এই দলটো ঘোষণা কৰিছে। ২৬ অক্টোবৰলৈকে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ ছাব জুনিয়ৰ ল'ৰাৰ শাখাত ...

October 21, 2024 7:33 PM

views 18

মেক্সিকোত অনুষ্ঠিত বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতৰ দীপিকা কুমাৰী ৰূপৰ পদক অৰ্জন

মেক্সিকোত চলি থকা বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতৰ দীপিকা কুমাৰীয়ে মহিলাৰ ৰিকাৰ্ভ শাখাত ৰূপৰ পদক অৰ্জন কৰিছে। ফাইনেলত দীপিকা কুমাৰী চীনৰ লী জিয়ামেনৰ হাতত পৰাস্ত হয়। দীপিকাই ছেমিফাইনেলত মেক্সিকোৰ আলেজেণ্ড্ৰা ভেলেনছিয়াক ৬-৪ ফলাফলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় ধনুর্বিদ গ...

October 21, 2024 11:55 AM

views 29

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ পুৰুষৰ এছ-ফৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত লক্ষন সিঙৰ সোণৰ পদক অৰ্জন

ৰাজস্থানৰ লক্ষন সিঙে কালি পানাৰ্জীৰ ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ পুৰুষৰ এছ-ফৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত সোণৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাত ওড়িশাৰ কমল কান্তে ৰূপৰ পদক অর্জন কৰাৰ বিপৰীতে হাৰিয়ানাৰ বলৰাজে ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে এছ-ফাইভ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ওড়িশাৰ নৰ হৰিয়ে সোণৰ, অন্ধ্ৰপ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।