খেল

November 17, 2024 6:56 PM

views 13

শিৱসাগৰৰ নামতিত অনুষ্ঠিত ভাৰোত্তোলনৰ বিশেষ বাছনি শিবিৰত ভাৰোত্তোলক মীৰাবাঈ ছানু সমল ব্যক্তি হিচাপে অংশগ্ৰহণ

শিৱসাগৰ জিলাৰ নামতিত দুদিনীয়া অনুষ্ঠিত ভাৰোত্তোলনৰ বিশেষ বাছনি শিবিৰৰ আজি সামৰণি পৰে । এই বাছনি শিবিৰত টকিঅ' অলিম্পিক ৰূপৰ পদকজয়ী ভাৰোত্তোলক মীৰাবাঈ ছানুৱে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত আৰু অসম ভাৰোত্তোলন সন্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত ৰাজ্যখনৰ তিনিশতাধি...

November 17, 2024 11:38 AM

views 22

মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত জাপানৰ বিৰুদ্ধে ভাৰত

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বাজি ৪৫ মিনিটত আৰম্ভ হ'ব। ভাৰতে প্ৰতিযোগিতাত জয়ৰ ধাৰা অব্যাহত ৰাখি কালি চীনক ৩-০ গলত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে চাৰিখন...

November 16, 2024 7:30 PM

views 23

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ অমীমাংসিতভাৱে সামৰণি

বৰপেটাত অনুষ্ঠিত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ আজি অমীমাংসিতভাৱে সামৰণি পৰে। ইয়াৰ ফলত প্রথম ইনিংছত লাভ কৰা অগ্ৰগতিৰ ভিত্তিত ঝাৰখণ্ডে ৩ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে অসমে এক পইণ্ট সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু...

November 16, 2024 11:04 AM

views 11

দক্ষিণ আফ্ৰিকাক ১৩৫ ৰানত পৰাস্ত কৰি ৩-১ ফলাফলেৰে ভাৰতৰ শৃংখলা দখল

ভাৰতে যোৱা নিশা জোহান্সবার্গত অনুষ্ঠিত চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক ১৩৫ ৰানত পৰাস্ত কৰি ৩-১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেটধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত এটা উইকেট হেৰুৱাই ২৮৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ তিলক বাৰ্মাই ৪৭ টা ...

November 15, 2024 11:44 AM

views 9

বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা পঞ্চম আন্তঃজিলা যোগাসন প্রতিযোগিতা

চিৰাং জিলাৰ বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পঞ্চম আন্তঃজিলা যোগাসন প্রতিযোগিতা। যোগাসন ক্রীড়া সন্থা অসমৰ উদ্যোগত আৰু চিৰাং জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।

November 15, 2024 11:43 AM

views 8

ভাৰত-দক্ষিণ আফ্ৰিকাৰ ৪খনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ আজি অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন খেল আজি জোহান্সবার্গত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাৰ ২-১ ফলাফলত আগবাঢ়ি আছে। ভাৰতে কিংছমিডত অনুষ্ঠিত প্ৰথমখন খেলত ৬১ ৰানত জয়লাভ কৰিছিল। ডাৰবানত অনুষ্ঠিত ...

November 14, 2024 2:43 PM

views 2

মহিলাৰ এছিয়ান হকী চেম্পিয়ন্‌ছ ট্ৰফীত ভাৰত আজি থাইলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ’ব

বিহাৰৰ ৰাজগীৰত চলি থকা মহিলাৰ এছিয়ান হকী চেম্পিয়ন্‌ছ ট্ৰফীত যোৱাবাৰৰ বিজয়ী ভাৰত আজি বিয়লি থাইলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ'ব। ভাৰতে প্ৰথমখন খেলত মালয়েছিয়াক ৪-০ গ’লত আৰু দ্বিতীয়খন খেলত দক্ষিণ কোৰিয়াক ৩-২ গ’লত পৰাজিত কৰিছিল। প্ৰতিযোগিতাৰ আজিৰ আন দুখন খেলত দক্ষিণ কোৰিয়াই মালয়েছিয়াৰ...

November 14, 2024 2:40 PM

views 16

কুমামোটো মাষ্টাৰ্ছ জাপান ২০২৪ৰ মহিলাৰ একক প্রি কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু কানাডাৰ মিছাইল লীৰ হাতত পৰাস্ত

বেডমিণ্টনত কুমামোটো মাষ্টাৰ্ছ জাপান ২০২৪ৰ মহিলাৰ একক প্রি কোৱাৰ্টাৰ ফাইনেলত দুবাৰকৈ অলিম্পিক পদক বিজয়ী ভাৰতৰ পি ভি সিন্ধু কানাডাৰ মিছাইল লীৰ হাতত ২১–১৭, ১৬-২১, ১৭-২১ গেমত পৰাস্ত হয়। আন এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন মালয়েছিয়াৰ লিয়ং জুন হাওৰ হাতত ২২-২০, ১৭-২১, ১৬-২১ গেমত পৰাস্ত হয়।

November 14, 2024 12:28 PM

views 12

খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

অসমৰ ক্ৰীড়া ইতিহাসৰ সবাতোকৈ বৃহৎ ক্রীড়া প্রতিযোগিতা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ কালিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে। তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্রতিভাসমূহক বিকাশৰ মঞ্চ হিচাপে গ্রহণ কৰা এই প্রতিযোগিতাত ৭টা শাখাত প্রায় ৬৪ লাখ প্রতিযোগীয়ে অংশগ্রহণ কৰিছে। খেল মহাৰণ উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই...

November 14, 2024 9:39 AM

views 15

ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ৱেষ্ট ইণ্ডিজ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া ঘৰুৱা শৃংখলাৰ সময়সূচী ঘোষণা কৰিছে। ভাৰতীয় দলটোৱে অহা মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু ২০২৫ চনৰ জানুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৫ ডিচেম্বৰৰ পৰা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।