খেল

November 20, 2024 9:22 PM

views 29

ভাৰতৰ পি ভি সিন্ধু, মালবিকা বনচোদ আৰু লক্ষ্য সেন চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ পি ভি সিন্ধু, মালবিকা বনচোদ আৰু লক্ষ্য সেনে চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুই আজি মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত মালয়েছিয়াৰ বুছানন অংবামৰুংফানক ২১-১৭, ২১–১৯ গেমত পৰাস্ত কৰে। একেদৰে, মালবিকাই মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডৰ ...

November 20, 2024 8:54 PM

views 33

মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত ভাৰতৰ

ভাৰতে আজি বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ'লত পৰাস্ত কৰি খিতাপ দখল কৰে। খেলখনত দীপিকাই ভাৰতৰ হৈ একমাত্র গলটো দিয়ে। ইয়াকে লৈ খেলুৱৈগৰাকীয়ে এই প্ৰতিযোগিতাত মুঠ ১১ টা গ'ল দিয়ে।

November 20, 2024 5:38 PM

views 30

চাইনা মাষ্টাৰ্ছ, ২০২৪ বেডমিণ্টনত পি ভি সিন্ধু আৰু মালৱিকা বানছোদে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ, ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগল্‌ছ শাখাত ভাৰতৰ পি ভি সিন্ধু আৰু মালৱিকা বানছোদে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথমটো ৰাউণ্ডত সিন্ধুৱে মালয়েছিয়াৰ বুছানন অংবামৰংফানক ২১-১৭, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে দুয়োগৰাকী খে...

November 20, 2024 11:55 AM

views 11

মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ বিৰুদ্ধে ভাৰতৰ খেল

ভাৰত আজি বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে কালি ছেমি ফাইনেলত জাপানক ২-০ গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ হৈ নৱনীত কৌৰে খেলখনৰ ৪৮ মিনিটত পেণাল্টি শ্বটেৰে গল কৰে। লালাৰেমছিয়ামীয়ে ৫৬ মিনিটত দ্বিতীয়টো গ'ল ...

November 19, 2024 8:18 PM

views 24

ভাৰত মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি বিহাৰৰ ৰাজগিৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাপানক ২-০ গলত পৰাস্ত কৰে । ইয়াৰ পূৰ্বে চীনে মালয়েছিয়াক ৩-১ গলত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। মালয়েছিয়া কাইলৈ দিনৰ দুই বাজি ১৫ মিনিটত...

November 19, 2024 7:03 PM

views 12

আই টি এফ জুনিয়ৰ টেনিছ প্ৰতিযোগিতাত পাৰ্থিৱ কলিতা আৰু ৰিয়ান কাশ্যপ তথা শ্বেৰী শৰ্মা আৰু স্নিগ্ধা পাতিবন্দলা ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমৰ পাৰ্থিৱ কলিতা আৰু ৰিয়ান কাশ্যপে ল’ৰাৰ তথা শ্বেৰী শৰ্মা আৰু স্নিগ্ধা পাতিবন্দলাই ছোৱালীৰ চলিত আই টি এফ জুনিয়ৰ [জে-৬০] টেনিছ প্ৰতিযোগিতাৰ ডাবলছ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ আন্তৰ্জাতিক প্ৰতিযোগিতা...

November 19, 2024 12:38 PM

views 24

ভাৰত আৰু মালয়েছিয়াৰ মাজৰ ফিফা আন্তঃৰাষ্ট্ৰীয় প্ৰীতি খেল ১-১ গলত ড্র’

ভাৰত আৰু মালয়েছিয়াৰ মাজত কালি হায়দাবাদৰ গাছিবৌলি ষ্টেডিয়ামত অনুষ্ঠিত ফিফা আন্তঃৰাষ্ট্ৰীয় প্ৰীতি খেলখন ১-১ গলত ড্র' হয়। মালয়েছিয়াৰ হৈ খেলখনৰ ১৯ সংখ্যক মিনিটত পাউলা জ'ছোৱে গল দিয়াৰ বিপৰীতে ঘৰুৱা দলৰ হৈ ৰাহুল ভেকেইয়ে ৩৯ সংখ্যক মিনিটত গলটো পৰিশোধ কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ব্...

November 18, 2024 8:19 PM

views 36

জি টি অ’পেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত ভাৰতৰ জ্যোতি সুৰেশা ৱেন্নামৰ সোণৰ পদক অৰ্জন

এছিয়ান গেমছ ছেম্পিয়নত ভাৰতৰ জ্যোতি সুৰেশা ৱেন্নামে লাক্সেমবার্গত অৱস্থিত জি টি অ'পেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত সোণৰ পদক অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে জি টি অপেনত অংশগ্ৰহণ কৰি জ্যোতিয়ে উন্নত মানৰ প্ৰদৰ্শনেৰে কালি বেলজিয়ামৰ ছাৰাহ প্ৰিল্‌ছক ১৪৭-১৪৫ ফলাফলত পৰাস্ত কৰি খিতাপ দখল কৰে। ই...

November 18, 2024 12:27 PM

views 7

জি টি অপেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত জ্যোতি সুৰেশাৰ সোণৰ পদক অৰ্জন

এছিয়ান গেমছ ছেম্পিয়ন ভাৰতৰ জ্যোতি সুৰেশা ৱেন্নামে লাক্সেমবার্গত অৱস্থিত জি টি অপেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত সোণৰ পদক অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে জি টি অ'পেনত অংশগ্ৰহণ কৰি জ্যোতিয়ে উন্নত মানৰ প্ৰদৰ্শনেৰে কালি বেলজিয়ামৰ ছাৰাহ প্ৰিল্‌ছক ১৪৭-১৪৫ ফলাফলত পৰাস্ত কৰি খিতাপ দখল কৰে। ইফ...

November 17, 2024 7:24 PM

views 13

যোৰহাট জিলাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ মানৱ দত্তৰ পথ দুৰ্ঘটনাত মৃত্যু

যোৰহাট জিলাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ মানৱ দত্তৰ আজি এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। যোৰহাট জিলা ক্রীড়া সন্থাৰ পঞ্জীয়নভুক্ত খেলুৱৈ দত্তৰ মৃত্যুৰ পাছতে আজি হ'বলগীয়া এ-ডিভিজনৰ ফুটবল খেলখন বাতিল কৰা হয়। উদীয়মান খেলুৱৈগৰাকীৰ মৃত্যুত জিলা ক্রীড়া সন্থাই শোক প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।