খেল

November 28, 2024 8:39 PM

views 27

লক্ষ্ণৌত অনুষ্ঠিত ছয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধু

ভাৰতৰ পি ভি সিন্ধুৱে লক্ষ্ণৌত অনুষ্ঠিত ছয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি প্ৰী-কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰে ইৰা শৰ্মাক ২১-১০, ১২-২১, ২১-১৫ গেমত পৰাস্ত কৰে। একেদৰে উন্নতি হুদাই আন এখন খেলত থাইলেণ্ডৰ প'ৰ্ণপিচা চ'ৱেকীঙক ২১–১৮, ২২-...

November 28, 2024 8:00 PM

views 28

বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত বৰপেটাত অসম আৰু কেৰালাৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফীৰ খেল অনুষ্ঠিত

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত আজিৰ পৰা বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অসম আৰু কেৰালাৰ মাজত ১৯ বছৰ অনূর্ধ কোচবিহাৰ ট্ৰফীৰ খেল অনুষ্ঠিত হৈছে। চাৰিদিনীয়াকৈ অনুষ্ঠিত এই প্রতিযোগিতাত আজি অসম দলে ছৈত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত ল...

November 28, 2024 6:49 PM

views 20

অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ-২০২৪ৰ চাইক্লিংত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৪ গৰাকীকৈ খেলুৱৈক অসম চাইক্লিং সন্থাই সম্বৰ্ধনা জনায়। অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক প্ৰদীপ তিমুং, ছাইৰ সহকাৰী সঞ্চালক সম্ভু যাদৱ, ছাইৰ মু...

November 28, 2024 6:14 PM

views 25

অসম বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা

অসম বক্সিং সন্থাৰ উদ্যোগত কাইলৈৰ পৰা গুৱাহাটীত ৪৪ সংখ্যক সদৌ অসম চিনিয়ৰ আন্তঃজিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ খেলসমূহ কাইলৈ আৰম্ভ হ'ব যদিও পৰহিলৈ বিয়লি ৩ বজাত এই প্রতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। পুৰুষ আৰু মহিলাৰ উভয় শাখাৰ ১০টা ওজন শাখাৰ খেল অনুষ্ঠিত হ'বলগীয়া এই প্ৰতি...

November 28, 2024 11:59 AM

views 11

ছয়ীদ মুস্তাক আলী ছিনিয়ৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত চণ্ডীগড়ক ১১ ৰানত পৰাস্ত অসমৰ

ছয়ীদ মুস্তাক আলী ছিনিয়ৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত অসমে চণ্ডীগড়ৰ বিৰুদ্ধে জয়লাভ কৰিছে। দিবা-নৈশ খেলত অসমে চণ্ডীগড়ক ১১ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। বিশাখাপট্টনমত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি অসমে ১৯ অভাৰ এটা বলত ১৫০ ৰান কৰে। দলৰ হৈ ছাহিল জৈনে ৪টা ছিক্সাৰেৰে ৫১ আৰু সুমি...

November 28, 2024 11:44 AM

views 11

ওমানৰ মাস্কাটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকীত থাইলেণ্ডক ১১-০ গ’লত পৰাস্ত ভাৰতৰ

ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে কালি ওমানৰ মাস্কাটত অনুষ্ঠিত চলিত বৰ্ষৰ পুৰুষৰ জুনিয়ৰ এছিয়া কাপৰ এখন খেলত থাইলেণ্ডক ১১-০ গ'লত পৰাস্ত কৰে। খেলখনত অৰাইজিত সিং হুণ্ডাল, সৌৰভ আনন্দ কুশৱাহা, গুৰজোৎ সিং, অর্শদ্বীপ সিং, সাৰদা নন্দ তিৱাৰী, দিলৰাজ সিং, ৰোহিত আৰু মুকেশ টপ্পোৱে ভাৰতৰ হৈ গ'ল দিয়ে। প্রতিযোগিতাৰ...

November 28, 2024 11:43 AM

views 7

লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় ছুপাৰ 300 বেডমিণ্টনৰ ছিংগলছৰ পৰৱৰ্তী ৰাউণ্ডত পি ভি সিন্ধু, লক্ষ্য সেন

ভাৰতৰ পি ভি সিন্ধু আৰু লক্ষ্য সেন লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় ছুপাৰ থ্ৰী হান্ড্রেড বেডমিণ্টন প্ৰতিযোগিতাৰ ছিংগলছৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত সতীর্থ খেলুৱৈ অনমোল খৰবক ২১-১৭, ২১-১৫ গেমত পৰাস্ত কৰে। ইপিনে, লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ এখন খে...

November 27, 2024 9:01 PM

views 11

গুবাহাটীত উত্তৰ-পূব দিব্যাংগ ক্রীড়া প্রতিযোগিতা; মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই

গুৱাহাটীত আজিৰে পৰা উত্তৰ-পূব দিব্যাংগ ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত হৈছে। ভাৰতীয় পেৰালিম্পিক সমিতিৰ অধীনত আৰু অসম পেৰালিম্পিক সংস্থাৰ সহযোগত আয়োজিত এই প্রতিযোগিতা অহা ২৯ নৱেম্বৰলৈ চলিব। আজি মন্ত্রী পীযুষ হাজৰিকাই এই ক্রীড়া প্রতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰে। ক্রীড়া প্রতিযোগিতা উদ্বোধন কৰি মন্ত...

November 27, 2024 7:13 PM

views 16

ইটালীত অনুষ্ঠিত ৮ বছৰ অনূৰ্ধ্বৰ বিশ্ব কেডেট দবা প্রতিযোগিতাত ভাৰতৰ ডিৱিট ৰেড্ডীৰ সোণৰ পদক অৰ্জন

ইটালীৰ মণ্টেছিলৱানোত অনুষ্ঠিত ৮ বছৰ অনূৰ্ধ্বৰ বিশ্ব কেডেট দবা প্রতিযোগিতাত ভাৰতৰ ডিৱিট ৰেড্ডীয়ে সোণৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত তেলেংগানাৰ ৮ বছৰীয়া শিশু খেলুৱৈগৰাকীয়ে সৰ্বাধিক ১১ পইণ্টৰ ভিতৰত ৯ পইণ্ট অৰ্জন কৰি প্ৰতিদ্বন্দ্বী সাত্বিক ছোৱাইনৰ সৈতে সমতা স্থাপন কৰে যদিও উন্নত মানৰ ...

November 27, 2024 7:12 PM

views 14

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াক ৪ বছৰৰ বাবে নিলম্বন

ৰাষ্ট্ৰীয় এণ্টি ড’পিং সংস্থা (নাডা)ই টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াক তেওঁৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে দিবলৈ অস্বীকাৰ কৰাৰ কাৰণে ৪ বছৰৰ বাবে নিলম্বন কৰিছে। যোৱা ১০ মাৰ্চত ৰাষ্ট্ৰীয় দল নিৰ্বাচনৰ বাবে হোৱা অনুশীলনৰ সময়ত পুনিয়াই নিজৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে দিবলৈ অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।