আঞ্চলিক সংবাদ

June 6, 2024 8:40 PM

views 29

অহা ২০ জুনৰ ভিতৰত ঘৰে ঘৰে নলযোগে পানী যোগানৰ আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈ মৰিগাঁও জিলাৰ আয়ুক্তৰ নিৰ্দেশ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নলযোগে পানী যোগানৰ আঁচনিৰ কাম অহা ২০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিছে। এই নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে তেনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কাম বাতিল কৰা হ'ব বুলি তেওঁ স্পষ্ট...

June 6, 2024 8:37 PM

views 28

শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ২ লাখ ৪৬ হাজাৰলৈ হ্ৰাস

যোৱা ২৪ ঘণ্টাত বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ২ লাখ ৪৬ হাজাৰলৈ হ্ৰাস পাইছে। ইপিনে, কাছাৰত এজন লোকৰ মৃত্যু হোৱাৰ পাছত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫লৈ বৃদ্ধি পাইছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাছাৰ...

June 6, 2024 8:34 PM

views 38

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধক্ষ্যতাত আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি প্ৰতিখন পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নহয়, এই কথাত গুৰুত্ব আৰোপ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ...

June 6, 2024 8:24 PM

views 25

বীৰুবালা ৰাভাৰ মৃত্যু দিনটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

সমাজ সংস্কাৰক তথা ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া সংগ্রামী বীৰুবালা ৰাভাৰ মৃত্যু দিনটো অর্থাৎ ১৩ মে'ত কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকৰ পাছত ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে তেওঁ আজি গোৱালপাৰা জিলাৰ ঠাকুৰবিলাত থকা প্ৰয়াত বীৰুবালা ৰাভাৰ ঘৰত উ...

June 6, 2024 11:35 AM

views 30

কাৰ্বি আংলঙৰ ডিলাইত ৪০ হাজাৰ য়াবা টেবলেটসহ দুজনক কৰায়ত্ত

অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে কালি কাৰ্বি আংলং জিলা আৰক্ষীয়ে জিলাখনৰ ডিলাইত অভিযান চলাই এখন বাহনত লৈ অহা অৱস্থাত ৪০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে ইয়াৰ সৰবৰাহৰ লগত জড়িত দুজন লোকক কৰায়ত্ত কৰি অধিক তথ্যৰ বাবে তেওঁলোকক জেৰা অব্যাহত ৰাখি...

June 6, 2024 11:33 AM

views 32

ৰাজ্যৰ ৫গৰাকী বিধায়ক লোকসভালৈ নিৰ্বাচিত হোৱাত ৫টা বিধানসভা সমষ্টিত উপ-নির্বাচন হোৱাটো নিশ্চিত

অসমৰ ৫ গৰাকী বিধায়ক অষ্টাদশ লোকসভালৈ নিৰ্বাচিত হোৱাৰ ফলত ৫টা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য আৰু চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী লোকস...

June 6, 2024 11:31 AM

views 27

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত অসমবাসীক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ধন্যবাদ

ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা নিৰ্বাচনত অসমৰ ৯খন আসন দখল কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে। বাজপেয়ী ভৱনত কালি অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি শ্রীকলিতাই লগতে মিত্ৰজোঁটৰ আন ৰাজনৈতিক দলকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, ২০২৬ চনৰ বিধানসভা নিৰ্...

June 6, 2024 11:28 AM

views 19

মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ ঘোষণা

মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ কালিৰে পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হয়। অৱেশ্য অহা ২০ জুনলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰীৰ পৰা মথনগুৰিলৈ যোৱা পথছোৱা আৰু মথনগুৰিৰ হেৰিটেজ চেণ্টাৰৰ লগতে নৈসর্গিক দৃশ্য উপভোগ কৰিব পাৰিব। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিবছৰে ৩ মাহৰ বাবে বন্ধ ৰখা...

June 5, 2024 7:48 PM

views 24

শোণিতপুৰ আসনত বিজেপিৰ ৰঞ্জিত দত্তৰ সৰ্বাধিক ৬০.২ শতাংশ ভোট লাভ

লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি অসমৰ ১৪ খন আসনৰ ভিতৰত শোণিতপুৰ আসনখনত বিজেপিৰ ৰঞ্জিত দত্তই মুঠ গৃহীত ভোটৰ সৰ্বাধিক ৬০.২ শতাংশ লাভ কৰে। কংগ্ৰেছ দলৰ ৰকিবুল হুছেইনে মুঠ গৃহীত ভোটৰ ৫৯.৯৯ শতাংশ লাভ কৰে। শিলচৰ সমষ্টিত বিজেপিৰ পৰিমল শুক্লবৈদ্যই ৫৯.৮৯ শতাংশ ভোট লাভ কৰিছে। ইপিনে, বৰপেটা লোকসভা সমষ্টিত অসম গণ প...

June 5, 2024 7:32 PM

views 23

মহাৰাষ্ট্ৰত অসন্তোষজনক প্ৰদৰ্শনৰ পূৰ্ণ দায়িত্ব মুৰ পাতি লৈছে উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে

বিজেপিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে ৰাজ্যখনৰ দলৰ অসন্তোষজনক প্ৰদৰ্শনৰ পূৰ্ণ দায়িত্ব মুৰ পাতি লৈছে। কেন্দ্রীয় নেতৃবৰ্গই অনুমতি প্ৰদান কৰিলে উপ-মুখ্যমন্ত্রী পদত্যাগ কৰাৰ প্ৰস্তাৱ আগবঢ়াই শ্রীফাড়নবিছে কয় যে পদত্যাগৰ পাছত তেওঁ ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।