আঞ্চলিক সংবাদ

December 4, 2025 12:30 PM

views 23

ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল ব্যাহত

ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল ব্যাহত হয়। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্রহণ কৰে। একেদৰে কালি পুৱাৰ ভাগত ফেৰী সেৱা বিঘ্নিত হৈছিল। পাছলৈ বতৰ ফৰকাল হোৱাত ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হয়। এই সন্দর্ভত সবিশেষ তথ্যৰ বাবে আ...

December 4, 2025 12:29 PM

views 36

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটবাসী ৰাইজ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীৰ উপস্থিতিত এই ঐতিহ্যপূর্ণ ভৱনটোৰ গৌৰৱপূৰ্ণ শতবর্ষ অনুষ্ঠানটো উদযাপিত হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতি...

December 4, 2025 12:26 PM

views 16

ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ নগাঁও জিলা প্রশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাবতীয় প্রস্তুতি সম্পূর্ণ কৰিছে। প্রশাসনে প্রায় ৩৮ বিঘা ভূমিত থকা ৭৫টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য ...

December 4, 2025 12:25 PM

views 11

আকাশবাণীৰ প্রাসঙ্গিক অনুষ্ঠানত আজি গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুঙৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত গোৱালপাৰা জিলাক অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুঙৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ গোৱালপাৰা জিলাৰ সংবাদদাতা...

December 4, 2025 12:23 PM

views 11

ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কালিৰে পৰা ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি পৰিব। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি কেইবাটাও ধর্মীয় কাৰ্যসূচী ৰখা হৈছে। আজি হ'বলগীয়া পালনামত গুৱাহাটীৰ সাৰংগপাণি পাঠকে অংশ ল'ব। ক...

December 3, 2025 8:57 PM

views 20

আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হৈছে। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা পাঁচ বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহো...

December 3, 2025 8:55 PM

views 16

গুৱাহাটী পৌৰ নিগমৰ শিবিৰ মুকলি

গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে আজি গুৱাহাটী পৌৰ নিগমে এটা শিবিৰ মুকলি কৰে। এখন সংবাদমেলত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে ৩১ ডিচেম্বৰলৈ মুকলি থাকিবলগীয়া এই শিবিৰত ৰাইজে সহজে গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব। পুৰ্বে এনে প্ৰমাণপত্ৰ লাভ কৰাৰ ক...

December 3, 2025 8:48 PM

views 24

বৰপেটাত আজিৰে পৰা চতুৰ্থ ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা

বৰপেটাত আজিৰে পৰা চতুৰ্থ ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা অনুষ্ঠিত হৈছে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে আজি বৰপেটা পৌৰ সভা খেলপথাৰত অনুষ্ঠিত এই গ্ৰন্থমেলা আৰু বিশিষ্ট উদ্ভাৱনক উদ্ধৱ ভড়ালীয়ে বিজ্ঞান মেলা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুম...

December 3, 2025 8:43 PM

views 25

আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ, সমৰ্পন তথা তেওঁলোকৰ সাহসৰ প্রতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিস্থ...

December 3, 2025 8:31 PM

views 19

নাগালেণ্ডৰ কোহিমাৰ কিচামা গাঁৱৰ হৰ্ণবিল মহোৎসৱস্থলীত অগণন লোকৰ সমাগম

লোকনৃত্য, থলুৱা খাদ্য সম্ভাৰ আৰু সুৰীয়া সংগীতেৰে উখল মাখল হৈ পৰা নাগালেণ্ডৰ কোহিমাৰ কিচামা গাঁৱৰ হৰ্ণবিল মহোৎসৱস্থলীত আজিও বহু লোকৰ সমাগম হয়। নগা যুৱক-যুৱতীৰ আকৰ্ষণীয় লোকনৃত্য পৰিবেশন আৰু দেশ-বিদেশৰ শিল্পীসকলৰ গীতে উপস্থিত জনসাধাৰণক আপ্লুত কৰিছে। জনজাতীয় নৃত্য-গীতে উৎসৱমুখৰ কৰি তোলা এই স্থান বিভ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।