আঞ্চলিক সংবাদ

June 22, 2024 12:29 PM

views 24

ৰাজ্যৰ ১৯ খন জিলাৰ ৫০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৩২৫ খন গাঁও বানৰ কবলত

ৰাজ্যত বানপৰিস্থিতিৰ অধিক অৱনতি হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পর্যন্ত ১৯খন জিলাৰ ৫০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত এহেজাৰ ৩২৫খন গাঁও বানৰ কবলত পৰিছে। কামৰূপ, তামুলপুৰ, হাইলাকান্দি, ওদালগুৰি, হোজাই, ধুবুৰী, বৰপেটা, বিশ্বনাথ, নলবাৰী, বাক্সাকে ধৰি মুঠ ১৯খন জিলাৰ ৩লাখ ৯০ ...

June 21, 2024 8:08 PM

views 18

জলমগ্ন অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি নলবাৰী জিলাৰ টিহুৰ ২ নম্বৰ ৱাৰ্ড আৰু ৰেলৱে কলনীকে ধৰি কেইবাটাও জলমগ্ন অঞ্চল পৰিদৰ্শন কৰে। বানপীড়িত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীদাসে তৎকালীনভাৱে পানী নিষ্কাষণ কৰি তোলাৰ লগতে এই সমস্যাৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সমাধানৰ বাবে ...

June 21, 2024 8:01 PM

views 25

ৰাজ্যত প্ৰথম বাৰৰ বাবে চিকিৎসালয় এৰাৰ সময়তে জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান

ৰাজ্যত প্ৰথম বাৰৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি নৱজাতকক লৈ প্ৰসূতি মাতৃয়ে চিকিৎসালয় এৰাৰ সময়তে জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰা হয়। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱজাতকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তেই জন্মৰ প্ৰমাণ-পত্ৰ আৰু আ...

June 21, 2024 7:57 PM

views 22

শ্বহীদ কনকলতা বৰুৱাৰ নামত গহপুৰত প্ৰস্তাৱিত বিশ্ববিদ্যালয় স্থাপনৰ তৎপৰতা আৰম্ভ

ৰাজ্য চৰকাৰে শ্বহীদ কনকলতা বৰুৱাৰ নামত গহপুৰত প্ৰস্তাৱিত বিশ্ববিদ্যালয় স্থাপনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। এই উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মন্ত্ৰী অশোক সিংহলে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ ভূমি পৰিদৰ্শন কৰে। লগতে অসম চাহ নিগম লিমিটেডৰ পৰা বিশ্ববিদ্যালয়ৰ ন...

June 21, 2024 8:52 PM

views 26

ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ হিচাপে ডাঃ সৈকত পাত্ৰৰ শপত গ্ৰহণ

ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰথমগৰাকী মেয়ৰ হিচাপে আজি ডাঃ সৈকত পাত্ৰই শপত গ্ৰহণ কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপ-মেয়ৰ হিচাপে উজ্জ্বল ফুকনৰ লগতে পাৰিষদসকলে শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, কেবিনেট মন্ত্রী বিমল বৰা, প্রাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰ...

June 21, 2024 7:45 PM

views 23

অসম মাধ্যমিক শিক্ষা পৰিষদৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম মাধ্যমিক শিক্ষা পৰিষদে আজি কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। ঘোষণা কৰা ফলাফল অনুসৰি অৱতীৰ্ণ হোৱা মুঠ ৫০,৬১৮ গৰাকী পৰিক্ষাৰ্থীৰ ভিতৰত ২১,৫৪২ গৰাকী পৰিক্ষাৰ্থী কম্পার্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হৈছে। ১৫১গৰাকী পৰিক্ষাৰ্থী প্ৰথম বিভাগত, ৮,৮১২গৰাকী দ্বিতীয় বিভাগ আৰু ১২,৫৪২গৰাকী পৰিক্ষাৰ্থী ত...

June 21, 2024 7:36 PM

views 17

ৰাজ্যত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া, মন্ত্ৰী অজন্তা নেওগ আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই অংশ গ্ৰ...

June 21, 2024 1:01 PM

views 29

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত ৪ অভিযুক্তক বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত বিশেষ তদন্তকাৰী গোটে কালি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত এখন অভিযোগনামা দাখিল কৰে। তদন্তকাৰী গোটে নিলম্বিত অতিৰিক্ত আৰক্ষী আয়ুক্ত সুকন্যা দাস, কৰ অধীক্ষক ৱাহিদা বেগম, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রক এ নন্দবা...

June 21, 2024 12:58 PM

views 26

পৰ্যটকৰ বাবে কালিৰেপৰা মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে কালিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২...

June 21, 2024 12:51 PM

views 2

কাইলৈৰপৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰপৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কাইলৈ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।