আঞ্চলিক সংবাদ

June 26, 2024 12:03 PM

views 18

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পর্যায়ত বিনামূলীয়া নামভৰ্তি

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পর্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বিচৰা শিক্ষাৰ্থীসকলে পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কার্ডো দাখিল কৰিব পাৰিব। বিনামূলীয়া নামভৰ্তিৰ বাবে ছাত্ৰ- ছাত্ৰীসকলৰ পিতৃ-মাতৃ চৰকাৰৰ অধীনস্থ নিগম-নিকায়ত কৰ্মৰত হ'ব নোৱাৰিব,...

June 26, 2024 11:58 AM

views 37

ৰাজ্যত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস উদযাপন

আজি ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস। এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে - ‘প্ৰমাণ স্পষ্টঃ প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক’। ৰাজ্যত শেহতীয়াকৈ এইচ আই ভি সংক্ৰমণৰ ক্ষেত্ৰত বেজীৰ দ্বাৰা ড্ৰাগছ গ্রহণক এটা প্ৰধান কাৰক হিচাপে বিবেচনা কৰা হৈছে। উল্লেখযোগ্য যে ড্ৰাগছ গ্ৰহণকাৰীৰ মাজত ব্য...

June 26, 2024 11:52 AM

views 17

অম্বুবাচী মেলাৰ সামৰণিৰ পাছত ভক্তৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি

পাঁচ-দিনীয়া অম্বুবাচী মেলাৰ অন্ত পৰাৰ পাছত আজি পুৱা ভক্তৰ বাবে মা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় ৷ কালি নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি ঘটে যদিও আজি পুৱা নিত্য-নৈমত্তিক পূজা-অৰ্চনাৰ পাছতে মন্দিৰৰ মূল দুৱাৰ মুকলি কৰা হয় ৷ ইতিমধ্যে মেলাৰ কেইদিনত নীলাচল পাহাৰৰ কামাখ্যা ধামত লাখ লাখ ভক্...

June 26, 2024 11:50 AM

views 23

কাইলৈ নলবাৰীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

কাইলৈ নলবাৰীত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰি অহা এই কেবিনেট বৈঠকৰ বাবে নলবাৰী জিলা প্ৰশাসনে ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বৈঠকখন আজি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও জনসংযোগৰ এটা বিবৃতিত স্থগিত ৰখাৰ কথা প্ৰকাশ ...

June 25, 2024 8:45 PM

views 19

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা

অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অ...

June 25, 2024 8:41 PM

views 23

তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা

তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে এখন জাননীযোগে এই ঘোষণা জাৰি কৰিছে। এই ক্ষেত্ৰত কোনো ব্যক্তিৰ আপত্তি থাকিলে লিখিতভাৱে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

June 25, 2024 8:40 PM

views 21

দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ দিনীয়াকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে খণ্ডভিত্তিত প্ৰশিক্ষণ

দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচদিনীয়াকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে খণ্ডভিত্তিত প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা শিক্ষাখণ্ডৰ ৩৬টা মণ্ডল সমল কেন্দ্ৰৰ গণিত আৰু বিজ্ঞানৰ শিক্ষকসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালা জিলাখনৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত তথা সমগ্...

June 25, 2024 8:38 PM

views 26

তামুলপুৰত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত তামুলপুৰত আয়োজিত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি পৰে। আয়োগৰ সদস্য সকলে নাৱালকক ন্যায়, শিশুৰ শিক্ষা, যৌন নির্যাতন ৰোধ কৰা, শিশু শ্রম বন্ধ কৰা, বাল্য বিবাহ বন্ধ কৰা তথা শিশুৰ সৈতে জড়তি অন্য বিষয় সমূহ ...

June 25, 2024 8:37 PM

views 22

মানস ব্যাঘ্র প্রকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযানত ২ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

বন বিভাগে মানস ব্যাঘ্র প্রকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযান চলাই দুটাকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কালিচৰণ বসুমতাৰী আৰু মাইছৰাং গয়াৰীৰ ঘৰত অভিযান চলাই বিভাগে চিকাৰত ব্যৱহাৰ দুটা হস্তনির্মিত বন্দুক, বন্দুকৰ কুণ্ডা, মৃত হৰিণাৰ শিং, কেটেলা পহুৰ কাঁইট, গুলী তৈয়াৰ কৰা ...

June 25, 2024 8:35 PM

views 20

১ জুলাইৰ পৰা ৩ জুলাইলৈ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা

২০২৪-২৫ বৰ্ষৰ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈ তেজপুৰৰ মিছন চাৰিআলিৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। ১৫ আৰু ১৭ বছৰ অনুৰ্ধৰৰ ল'ৰা আৰু ১৭ বছৰ অনুৰ্ধৰৰ ছোৱালীৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত পাৰদৰ্শিতাৰ ভিত্তিত খেলুৱৈসকলক পিলিক চৌধুৰী সোঁৱৰণ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।