আঞ্চলিক সংবাদ

June 28, 2024 8:14 PM

views 22

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত আজি নীট পৰীক্ষাৰ বিষয় লৈ বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ হয়। এই আলোচনাৰ বাবে মুঠ ২১ ঘণ্টা আবণ্টন কৰা হৈছে। আলোচনাৰ পাত...

June 28, 2024 8:02 PM

views 38

কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও বানত বুৰ গৈছে

কৰিমগঞ্জ জিলাৰ বহু লোক বানপানীৰ বাবে গৃহবন্দী হৈ পৰিছে। কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও পানীত বুৰ গৈছে। বর্তমান জিলাখনত ১১২টা সাহায্য শিবিৰ সক্ৰিয় হৈ আছে আৰু তাত ১৫ হাজাৰতকৈও অধিক লোকক আশ্ৰয় দিয়া হৈছে। নিলাম বাজাৰ ৰাজহ চক্ৰৰ ১০৬খন গাঁও আটাইতকৈ বেছি প্লাৱিত হোৱাৰ বিপৰীতে ৰামকৃষ্ণ নগৰ ৰা...

June 28, 2024 7:57 PM

views 24

দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ সন্মিলন

অসম বিধানসভাৰ উদ্যোগত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ এখন সন্মিলন আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰৰ অসম বিধানসভাত অনুষ্ঠিত হৈছে। ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে স্বায়ত্ব শা...

June 28, 2024 7:51 PM

views 21

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎ‍সালয়খনৰ কামকাজৰ বুজ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্ৰয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যম...

June 28, 2024 7:44 PM

views 30

কামাখ্যা মন্দিৰত ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রীৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক’ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই ...

June 28, 2024 6:48 PM

views 28

শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি শিৱসাগৰত খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা কৰে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অসমত প্ৰ...

June 28, 2024 6:45 PM

views 34

আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সৈতে পৰিবহন মন্ত্ৰী কেশৱ মহন্তৰ আলোচনা

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সম্প্ৰসাৰণৰ বিষয়ত আজি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সৈতে এখন আলোচনা অনুষ্ঠিত হয়। এই বৈঠকত এয়াৰ ইণ্ডিয়া এক্সপ্রেছে গুৱাহাটীৰ পৰা অতি শীঘ্ৰে ঢাকা আৰু কাঠমাণ্ডু সংযোগী নতুন বিমান পথেৰে পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ আগ্ৰহ প্ৰকাশ ক...

June 28, 2024 6:40 PM

views 26

সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত তৎপৰতা বৃদ্ধি

সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত তৎপৰতা বৃদ্ধি পোৱাৰ লগতে প্ৰতিটো বিভাগ সষ্টম হৈ উঠিছে। যিকোনো মুহূৰ্ততে উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ বাবে কঁহৰাস্থিত ৰাজ্যিক পশু চিকিৎসালয় সাজু হৈ আছে। চিকিৎসালয়খনে আজি হেল্পলাইন নম্বৰ আৰু বিশেষ বাহন মুকলি কৰিছে। বিপদত পৰা বন্যপ্রাণী দেখিলেই ১৯৬২ ...

June 28, 2024 6:33 PM

views 34

জাগীৰোড মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিৰূপণ কোষ, জাগীৰোড মহাবিদ্যালয় ছাত্র একতা সভা, য়ুথ ৰেড ক্ৰছ এছোচিয়েচনৰ উদ্যোগত ৰক্তদান শিবিৰ

মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মান নিৰূপণ কোষ, জাগীৰোড মহাবিদ্যালয় ছাত্র একতা সভা, য়ুথ ৰেড ক্ৰছ এছোচিয়েচনৰ উদ্যোগত আজি জাগীৰোডত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহযোগত জাগীৰোড মহাবিদ্যালয়ত আয়োজন কৰা এই শিবিৰত কেইবাগৰাকীও ব্যক্তিয়ে ৰক্তদান ...

June 28, 2024 6:31 PM

views 16

মাজুলী জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত সজাগতা সভা

মাজুলী জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু বৰগুৰি যোৰবিল ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু জেংৰাই বালিচাপৰি ৰংগমঞ্চৰ কৰ্মকৰ্তাৰ সহযোগত শিশু সুৰক্ষাৰ সন্দৰ্ভত কালি দুখনকৈ সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলী জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা শিশু সুৰক্ষা বিষয়া আৰু কেইবাগৰাকীও সমাজকর্মী উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।