আঞ্চলিক সংবাদ

July 19, 2024 11:54 AM

views 13

উত্তৰ প্ৰদেশ ৰে’ল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহত হোৱা নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উত্তৰ প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত ডিব্ৰুগড় অভিমুখী ৰে'লত অসমৰ কোনো লোক হতাহত হোৱা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমত প্রকাশ কৰিছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত ৰাজ্য চৰকাৰে চোকা নজৰ ৰাখিছে আৰু অসমৰ যাত্ৰীসকলক সহায় কৰাৰ কাৰণে সাজু হৈ আছে। আনহাতে, উত্তৰ-পূব সীমান্ত ৰে'লৱে আবদ্ধ যাত্ৰ...

July 19, 2024 11:52 AM

views 17

ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে অসম মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বিধি বাতিলৰ সিদ্ধান্ত

অসমত বাল্য বিবাহ ৰোধৰ বাবে ৰাজ্যিক কেবিনেটে অসম মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বিধি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধানসভাৰ পৰৱৰ্তী বৰ্ষাকালীন অধিৱেশনত দা আছাম ৰিপিলিং বিল ২০২৪ উত্থাপন কৰা হ'ব। ৰাজ্যত মুছলমান বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত আইন অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে।

July 19, 2024 11:50 AM

views 28

অহা ২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কালি এখন অধিসূচনাযোগে শৰৎকালীন অধিৱেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিৱেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 19, 2024 11:49 AM

views 21

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অংশ হিচাপে ৰাজ্যৰ স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা গ্ৰহণ

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে ল...

July 19, 2024 11:47 AM

views 17

চলিত বৰ্ষৰ মেডিকেল স্নাতক মহলাত প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি ৱেবছাইটত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

চলিত বৰ্ষৰ মেডিকেল স্নাতক মহলাত প্ৰৱেশ পৰীক্ষাৰ ফলাফল চহৰ আৰু পৰীক্ষা কেন্দ্ৰ অনুসৰি কাইলৈ দুপৰীয়া ১২ বজাৰ ভিতৰত ৱেবছাইটত প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। পৰীক্ষা অনুষ্ঠিত কৰা সংস্থা নেচনেল টেষ্টিং এজেন্সিক এই নিৰ্দেশ দিয়া হৈছে। পৰীক্ষাৰ্থীৰ পৰিচয় গোপনে ৰাখি এই ফলাফল ঘোষণা ক...

July 19, 2024 11:45 AM

views 24

ৰাজ্যৰ জিলাসমূহত আলু-পিঁয়াজকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছেঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলাসমূহত আলু-পিঁয়াজকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰিছে। বহিঃৰাজ্যৰ পৰা আলু আৰু পিঁয়াজ কঢ়িওৱা বাহনসমূহ পশ্চিমবংগৰ মাজেৰে অসমত প্ৰৱেশ কৰিব পৰা নাই বুলি সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ ...

July 19, 2024 11:42 AM

views 21

ৰাজ্যত বানৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাৰ ৰোগৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পশুপালন বিভাগক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিয়ে। দিছপুৰত অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীৰ্ষ বিষয়াসকলক এই দিশত তৎপৰতাৰে ব...

July 19, 2024 11:40 AM

views 13

ৰাজ্যৰ পলিটেকনিক প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মতবিনিময়

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কালি জনতা ভৱনত ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে ৰাজ্যৰ পলিটেকনিক প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে মতবিনিময় কৰে। এই বৈঠকত ২০২৪-২৫ বিত্তীয় বৰ্ষত, চৌহদৰ বেৰ, কর্মশালা, অতিৰিক্ত শ্ৰেণীকোঠা, স্মার্ট শ্রেণীকোঠা, শিক্ষার্থী আবাসকে ধৰি প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আল...

July 18, 2024 8:42 PM

views 17

টিংখাঙত গ্রীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ আজি সামৰণি

ডিব্ৰুগড় টিংখাঙত গ্রীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ আজি সামৰণি পৰে। নতুন প্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ অমৰ সৃষ্টি ভাওনাৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল। যোৱা ২ জুলাইৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত বিকাশ বৰুৱা আৰু সৌৰভ চেতিয়াই প্রশিক্ষার্থীসকলক প্ৰশিক...

July 18, 2024 8:41 PM

views 22

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁৱত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই আইনৰ নিয়ম ২০০১ৰ ৬ নম্বৰ আৰু ১ নম্বৰ ধাৰাৰ অধীনত কোনো জীৱ-জন্তুক অন্য জীৱ-জন্তুৰ দৃষ্টিগোচৰ হোৱাকৈ বধ কৰাত বাধা আৰাপ কৰা হৈছে। ন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।